গোৰেশ্বৰঃ বাইক চুৰি ধৰাত আৰক্ষীক সক্ৰিয় সহযোগ আগবঢ়ালে ৰাইজে৷ বাক্সা, দৰং, ওদালগুৰি আৰু কামৰূপ জিলাত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা দুই চোৰক আজি উত্তেজিত ৰাইজে এসেকা দি আৰক্ষীৰ অভিযান সফল কৰি তুলিলে৷

আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুই বাইক চোৰক আজি কামৰূপ গ্ৰাম্য জিলাৰ গাছবাৰীত আৰক্ষীয়ে ৰাইজৰ সহায়ত আটক কৰে। দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত পঞ্জীয়ন হোৱা বাহন চুৰিৰ ঘটনাৰ আলম লৈ আৰক্ষীয়ে চলোৱা অভিযানত দুই বাহন চোৰ ক্ৰমে গুৱাহাটী ছয়মাইলৰ জাভেদ খান(২৮) আৰু দৰং জিলাৰ বামুনঝাৰৰ নিবাসী বিমল ৰাজবংশী(২২) আৰক্ষীৰ জালত পৰে।

জানিব পৰা মতে, বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দীৰাম বড়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি মুক্তাপুৰলৈ আহে। ইয়াৰ পিছত বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ সৈতে যোগাযোগ কৰাত গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰাম্ব গোস্বামীৰ নেতৃত্বতো আন এটা দল গোৰেশ্বৰ পিনৰ পৰা দুই বাহন চোৰৰ সন্ধানত অভিযান চলাই গাছবাৰীলৈ যায়।

আৰক্ষীৰ অহাৰ উমান পাই চোৰ দুটাই গাছবাৰীত এখন যাত্ৰীবাহী গাড়ীত উঠি পলাবলৈ চেষ্টা চলাওতে ৰাইজে ধৰি উত্তম-মাধ্যম দিয়ে। গাছবাৰী চ'কত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্রণলৈ আহে।

আৰক্ষী সূত্ৰত প্ৰকাশ যে দুয়োজনে এখন পালচাৰ বাইক আৰু আই-২০ চাৰিচকীয়া বাহন চুৰি ঘটনাৰ সৈতে জড়িত। লক্ষ্যনীয় যে ইয়াৰ পূৰ্বেও বিভিন্ন বাইক চুৰি আৰু অপৰাধ জনিত ঘটনাত বিমল ৰাজবংশীয়ে ৰঙাঘৰৰ ভাত খাই আহিছে। গোৰেশ্বৰ আৰক্ষীয়ে দুয়োকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত বুঢ়া আৰক্ষীক গতাই দিয়ে।