জহিৰুল ইছলাম,বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ ছুৱাপাতা চতুৰ্থ খণ্ড (শ্বেখপাৰা) ৩নং ওৱাৰ্ডত চৰকাৰে বান সাহাৰ্য্য মুঠ আগবঢ়ায় চাউল ১৫ কুইন্টল, ৰাইজৰ মাজত বিতৰণ কৰে ১০ কুইন্টল ৩৫ কেজি ৬০০ গ্ৰাম, মিঠাতেল ৮৩ কেজি, বিতৰণ কৰে, ৬০ কেজি,ডাইল ৩০০ কেজি, বিতৰণ কৰে ১৫০ কেজি, নিমখ, ১ কুইন্টল, বিতৰণ ১ কেজিও কৰা নাই৷
জীৱ-জন্তুৰ দানা ৬ কুইন্টল, বিতৰণ কৰে, ৩ কুইন্টল, বান আক্রান্তৰ মাজত অতি কমকৈ বিতৰণ কৰাৰ বাবে ৩ ওৰ্ৱাডৰ সদস্য কুদ্দুচ আলীৰ ফৈদ আৰু বান আক্রান্ত ৰাইজ, দুয়ো ফৈদৰ মাজত জঘন্যভাৱে মাৰপিট সংঘটিত হয় যদিও দুয়ো ফৈদৰ মাজত গুৰুত্ব ভাৱে আহত হয় ৫ জন।
এই সন্দৰ্ভত ৰাইজৰ ফালৰপৰা ছমেৰ আলী আৰু ছুলতান আলীয়ে বিলাসীপাৰা আৰক্ষী নিৱেশত এক গোচৰ ৰুজু কৰে যদিও এতিয়া আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ে স্পষ্ট হৈ পৰিব।
ঠিক একদৰে উক্ত পঞ্চায়তখনৰ কঠালদি ১ম খণ্ডৰ ৮ নং ওৰ্ৱাডত চৰকাৰে মুঠ চাউল আগবঢ়ায় ১৭ কুইন্টল ৩০ কেজি, বান আক্রান্তৰ মাজত বিতৰণ কৰে, ১৫ কুইন্টল, ডাইল ,৩২৪ কেজি, বিতৰণ কৰে, ২০০ কেজি, মিঠাতেল ৯৬, বিতৰণ কৰে৷
নিমখ ৯৬ কেজি, বিতৰণ কৰে ৫০ কেজি, বাকী ৰাহি থকা খিনি সদস্য আলেপ উদ্দিনে আত্মসাৎ কৰা বুলি ৰাইজে মাৰ্ মাৰ্ অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত ধুবুৰী জিলা উপায়ুক্ত আৰু বিলাসীপাৰা মহকুমাধিপতিৰ তদন্তৰ দাবী জনায় বান আক্রান্তৰ ৰাইজে।