আব্দুল বাৰেক,  বিশ্বনাথ চাৰিআলি

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত শনিবাৰে জিলাখনত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম তথা সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত জিলাখনত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ লেহেমীয়া অগ্ৰগতিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক জবাবদিহি কৰা হয়।

মন্ত্ৰীগৰাকীৰ লগতে বিশ্বনাথ আৰু গহপুৰৰ বিধায়কদ্বয় ক্ৰমে প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাই বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে মেৰামতিৰ দায়িত্বত থকা কৰ্তৃপক্ষ আৰু দায়িত্বপ্ৰাপ্ত ঠিকাদাৰসকলক কঠোৰ ভাষাৰে সকীয়াই দিয়ে। উল্লেখযোগ্য যে, বিশ্বনাথ চাৰিআলি আৰু গহপুৰৰ নগৰৰ ভিতৰৰ অংশৰ লগতে বৰগাং, মাগনি আদি অংশত এই পথছোৱাৰ অৱস্থা অতিশয় বিধ্বস্ত হৈ পৰাৰ বাবে জিলাখনৰ ৰাইজে যথেষ্ট জীয়াতু ভূগিব লগা হৈছে। 

পথৰ দুৰৱস্থাৰ বাবেই বিগত সময়চোৱাত এই পথছোৱাত বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে। এই ঘটনাসমূহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাথঁনি উন্নয়ন নিগম (এন এইচ আই  ডি চি এল) তথা দায়িত্বপ্ৰাপ্ত ঠিকাদাৰসকলক জগৰীয়া কৰি পথৰ দুৰৱস্থাৰ বাবে ভৱিষ্যতে সংঘটিত হ'ব পৰা এনে সকলো দুৰ্ঘটনাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনক নিৰ্দেশ দিয়ে।

বিশ্বনাথ চাৰিআলি-গহপুৰ পথৰ অতি দুৰৱস্থাপ্ৰাপ্ত বিভিন্ন অংশ মিলাই প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ মেৰামতিৰ কাম কাইলৈৰপৰা আৰম্ভ কৰি পৰৱৰ্তী ২০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ এন এইচ আই ডি চি এল কৰ্তৃপক্ষক মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিধায়ক দুগৰাকীয়ে নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড, আৰক্ষী অধীক্ষক ৰাকেশ ৰোচন, অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞা; বিশ্বনাথ, নদুৱাৰ, হেলেম আৰু গহপুৰৰ চক্ৰ বিষয়াসকলকে ধৰি এন এইচ আই ডি চি এল কৰ্তৃপক্ষ, নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত সংস্থাসমূহৰ বিষয়াসকল আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।