আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত শেহতীয়াকৈ আপত্তিৰ ক্ষেত্ৰত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক দুষ্ট চক্ৰই যধে-মধে  এনআৰচিৰ আপত্তি দাখিল কৰি এনআৰচিৰ কামত বাধা দিয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি মঙলবাৰে ৰাজ্যজুৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা উপায়ুক্তৰ জৰিয়তে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো বিশ্বনাথ জিলা সমিতিয়ে আজি জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যিক সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ, সাধাৰণ সম্পাদক নাজিৰ আহমেদ, মুখ্য সাংগঠনিক সম্পাদক জমিল হকৰ স্বাক্ষৰিত দাবী সম্বলিত স্মাৰক-পত্ৰখন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপসভাপতি আব্দুল মোনাফ চৌধুৰী আৰু জিলা সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত প্ৰদান কৰা হয়।

আপত্তিৰ ক্ষেত্ৰত আপত্তিকাৰীসকলৰ পৰিচয়, ঠিকনা, এনএছকে সেৱা কেন্দ্ৰ, মোবাইল নম্বৰ আদি  গোপনে ৰাখি লাখ লাখ আপত্তি দাখিল কৰি শুনানিৰ সময়ত উপস্থিত নথকাটো এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে সংগ্ৰাম পৰিষদে।

১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা যিসকল সন্দেহজনক লোকে NRCত নাম অন্তৰ্ভুক্ত কৰিবলৈ আৱেদন কৰিছে তেনে লোকসকলৰ ক্ষেত্ৰত আপত্তি কৰা বিষয় সন্দৰ্ভত সংগ্ৰাম পৰিষদৰ কোনো ক’বলগীয়া নাই, কিন্তু যধে মধে বৈধ নাগৰিকৰ নামত আপত্তি কৰি বিশেষকৈ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকলক হাৰাশাস্তি কৰি দুষ্ট চক্ৰই উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত চলি থকা NRCৰ কাম-কাজসমূহ স্থবিৰ কৰাৰ চেষ্টা চলাই আছে বুলি উল্লেখ কৰে সংগঠনটোৱে।

আন হাতে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন শুদ্ধ, নিকা আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ NRCত প্ৰকাশ কৰিবলৈ আহ্বান জনায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে।