♦ বিশ্বনাথৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তাক ভাবুকি
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ স্থানীয় নিবনুৱা যুৱকসকলে কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাই থকাৰ সময়তে বিশ্বনাথৰ বিহালী সমষ্টিৰ দুই-এজন নিবনুৱা যুৱকে প্ৰধানমন্ত্ৰী অনাময় শৌচাগাৰ আঁচনিৰ কাম কৰি পেটে-ভাতে খাই জীৱন নিৰ্বাহ কৰি আছে।
শেহতীয়াকৈ আমাৰ হাতত আহি পৰা তথ্য অনুসৰি কেন্দ্ৰত বিজেপি চৰকাৰ অধিষ্ঠিত হোৱাৰ সময়তে বিশ্বনাথৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা তুলসী কলিতাক ফোন যোগে তীব্ৰ ভাবুকি প্ৰদান কৰে বিজেপি নেতা ক্ষীৰোদ দাসে।
প্ৰধানমন্ত্ৰী অনাময় শৌচাগাৰ আঁচনিৰ অধীনত বিহালীৰ সোণটি দাসে নগাঁও এনজিঅ’ৰ সহযোগত তেলেংগনীয়া গাঁও পঞ্চায়তত অনাময় শৌচাগাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ফটো তুলিবলৈ যোৱা অৱস্থাত তেলেংগনীয়া গাঁৱৰ ক্ষীৰোদ দাসে নিজকে মন্ত্ৰী ৰঞ্জিত দত্তৰ সোঁহাত বুলি পৰিচয় দি বিহালীৰ সোণটি দাসক ককৰ্থনা কৰাৰ উপৰি ৯৭০৭০৮৫০৫৬ নম্বৰৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশ্বনাথৰ মুখ্য অভিযন্তা তুলসী কলিতাক ফোন যোগে ভাবুকি প্ৰদান কৰি সোণটি দাসক অনাময় আঁচনিৰ কাম দিয়াৰ বাবে কাৰিকৰী অভিযন্তাগৰাকীক শাস্তিমূলক বদলি কৰিব বুলি ভাবুকি প্ৰদান কৰে।
কেৱল ইমানেই নহয়, অভিযন্তাগৰাকীক অশ্লীল ভাষাৰে বিভিন্ন গালি-গালাজ পাৰে। তাৰোপৰি নিজকে তেলেংগনী গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতি বুলি চিনাকি দি অনাময় শৌচাগাৰ আঁচনিৰ কাম কৰা নিবনুৱা যুৱক সোণটি দাসক উক্ত কামৰপৰা আঁতৰাবলৈ দাবি-ধমকি প্ৰদান কৰে অভিযন্তাগৰাকীক।
অন্যথা অভিযন্তা তুলসী কলিতাক শাস্তিমূলকভাৱে বদলি কৰিব বুলিও ভাবুকি প্ৰদান কৰে বিজেপি নেতা ক্ষীৰোদ দাসে।