মৰিয়নীঃ যোৰহাট জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাই দেওবাবে হজ যাত্ৰীসকলক যোৰহাট টাউনৰ হোটেল গ্ৰেণ্ড পেলেচত সম্বৰ্ধনা তথা শুভেচ্ছা জনায়৷

হোটেলখনত অনুষ্ঠিত এখন সভাৰ জৰিয়তে যোৰহাট জিলাৰ ৭০ জনৰো অধিক হজ যাত্ৰীক ফুলাম গামোচা, খাদী ৰুমাল আৰু এটি ফার্ষ্ট এইড কিটেৰে সম্বর্ধনা তথা শুভেচ্ছা জনাই যোৰহাট জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাই।  

যোৰহাট জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি পাৰভেজ মেহদিয়ে পৰিচালনা কৰা সভাত বিজেপি নেতা শান্তনু পূজাৰী, অসম সংখ্যালঘু উন্নয়ন বর্ডৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালে মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চৰকাৰে হজ যাত্ৰীসকলৰ বাবে সকলো সুবিধা কৰি দিয়া বুলি কয়৷

ৰাজ্যখনৰ বিভিন্ন জাতি ধৰ্মৰ লোকৰ মাজত থকা সাতাম পুৰুষীয়া ভাতৃত্ববোধ অটুট থকাৰ বাবে হজ যাত্ৰীসকলক পৱিত্ৰ হজৰ সময়ত দোৱা কৰাৰ লগতে হজৰ সময়ত মক্কাত কান্ধত অসমীয়া গামোচা ল'বলৈকো বিজেপি নেতা দুগৰাকীয়ে অনুৰোধ জনায়।

সভাত কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা, বিজেপিৰ যোৰহাট জিলাৰ প্ৰাক্তন সভাপতি কামাখ্যা মোহন দাস, পৌৰ নেত্ৰী অৰুণা দত্তৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।