গুৱাহাটীঃ কংগ্ৰেছে কেৱল লুটি-পুটি খোৱাৰ নীতিক বিশ্বাস কৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে চবকা সাধ চবকা বিকাশৰ নীতিক বিশ্বাস কৰে৷ যাৰ ফলত আজি 'নৰ্থ ইষ্ট' আগবাঢ়ি গৈছে৷ মই এদিন বুথ অধ্যক্ষ আছিলো৷ বিজেপিতহে কেৱল বুথ অধ্যক্ষৰ পৰা ৰাষ্ট্ৰীয় অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী হ’ব পাৰে৷ আন কোনো দলত এয়া সম্ভৱ নহয়৷ এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ৷

শনিবাৰে পুৱাই দুদিনীয়া ভ্ৰমণসূচীৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে গুৱাহাটীত উপস্থিত হৈ খানাপাৰত বুথ সমিতিৰ কৰ্মকৰ্তা সন্মিলনত অংশ লয়৷ তাৰ পূৰ্বে বৰঝাৰ বন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সাণোৱালে শ্বাহক আদৰণি জনায়৷  

খানাপাৰাৰ কৰ্মী সন্মিলনত শ্বাহে আৰু কয়, বিজেপিতহে বুথ অধ্যক্ষই ৰাষ্ট্ৰীয় সভাপতি হ’ব পৰাৰ লগতে প্ৰধানমন্ত্ৰী হ’ব পাৰে৷ আজি আপোনালোকে যি ঠাইত বহি আছে এদিন মই সেই ঠাইত আছিলো৷ আপোনালোকক প্ৰত্যক্ষ কৰি গৌৰৱ হয়৷ সকলোতকৈ কঠিন কাম বুথ সমিতিক শক্তিশালী কৰা৷ 

অসম প্ৰদেশ বিজেপিৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকো ধন্যবাদ জ্ঞাপন কৰে শ্বাহে৷ যাৰ বাবে পাৰ্টি আজি আগবাঢ়ি আছে৷ শ্বাহে ৩২৮০০ কৰ্মীক উপস্থিত থকা বুলি কৈ প্ৰদেশ অধ্যক্ষই বুথ পৰ্যায়লৈকে ভ্ৰমণ আজি সামৰিলে বুলি কৈ দল এতিয়া উন্নয়নৰ দিশে৷ উত্তৰ পূৱৰ উন্নয়নৰ বাবে আৰু অসমৰ উন্নয়নৰ বাবে নৰেন্দ্ৰ মোডীয়ে বহু ডাঙৰ যোগদান দিয়া বুলি কয়৷ 

২০১৪ চনৰ নিৰ্বাচনত আমাৰ নেতা নৰেন্দ্ৰ মোডীয়ে দেশৰ পশ্চিম প্ৰান্তৰ দৰেই পুৱৰো উন্নয়ন হ’ব লাগিব বুলি কৈছিল৷ আনহাতে শ্বাহে বিভাজনৰ সময়ৰ কথা অসমৰ লোকৰ মনত থকা বুলি কয়, বিভাজনৰ সময়ত সম্পূৰ্ণ অসমক গ্ৰুপ চিত ৰখা হৈছিল৷ শ্বাহে গোপীনাথ বৰদলৈ নাথাকিলে আৰু গান্ধীজীয়ে বিৰোধ নকৰিলে অসম আজি ভাৰতৰ অংগ হৈ নাথাকিল বুলি কৈ ইমান গাদ্দাৰী কংগ্ৰেছে কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ‘‘জৱাহাৰলাল জী নে বাই বাই অসাম কৰ দিয়া’’ বুলি কয় শ্বাহে৷ 

আমাৰ দেশৰ বহু লোকে দেশৰ বাবে তেজ দিছে৷ ইমান সহজে এৰি দিব কোনোৱে কেনেকৈ পাৰে৷ আজি আমি ডোকলামত যি পৰিস্থিতি কৰিছো সমগ্ৰ বিশ্বত বাৰ্তা গৈছে৷ আমাৰ দেশৰ সীমাত পখীয়ে ডেউকা মাৰিব নোৱাৰে৷ 

শান্তিৰ বাবে বিশেষ প্ৰয়াস কৰা হৈছে৷ উত্তৰ পূৱক অষ্টলক্ষ্মী বনাবলৈ প্ৰয়াস হৈ আছে৷ প্ৰধানমন্ত্ৰীয় বিকাশৰ ক্ষেত্ৰত ন্যায় কৰিছে৷ নৰ্থ ইষ্টক সন্ত্ৰাসবাদীৰ পৰা মুক্ত কৰিম৷ কেৱল অসমে নহয় কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে আজি আনন্দ বৈছে৷ 

এনআৰচিৰ কাম আমি যেনেদৰে কৰিছো, আমি আশা কৰিম এই কামো সোনকালে হ’ব৷ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে উত্তৰ পূৱলৈ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি তেওঁলোকৰ বিৰুদ্ধে অনাই-বনাই অভিযোগ উত্থাপন কৰা বুলি কয়৷ 

মই ৰাহুল গান্ধীক মাত্ৰ সুধিব খুজিছো ১০ বছৰত আপোনালোকে কি কৰিলে তাৰ উত্তৰ দিয়ক৷ অসমে প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰি পঠিয়াইছিল৷ ১০ বছৰে অসমৰ পৰা প্ৰধানমন্ত্ৰী হৈ থাকি একো নকৰিলে বুলি কয়৷

ত্ৰয়োদশ বিত্তীয় আয়োগ কংগ্ৰেছৰ দিনত লৈ আহে৷ কেন্দ্ৰতো কংগ্ৰেছৰ চৰকাৰ অসমতো কংগ্ৰেছৰ চৰকাৰ কিন্তু ছোনীয়া-মনমোহন চৰকাৰে ৭৯,৭০০,৪৩ হাজাৰ কোটি দিয়া বুলি কয়৷ চতুৰ্দশ বিত্তীয় আয়োগ নৰেন্দ্ৰ মোডী আনি মোডী চৰকাৰে অসমক ১,৫৫,২৯২ হাজাৰ কোটি টকা দিয়া বুলি কয়৷ ৭৫ হাজাৰ কোটি টকা বেছি দিয়া বুলি কয় শ্বাহে৷ 

৯ লাখ মহিলাক হন্ধন গেছৰ সংযোগ, ৪ বছৰৰ ভিতৰত ২৭৩২ গাঁৱত বিজুলি সংযোগ, দেশৰ ৫০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসাৰ সুবিধা কৰি দিয়া বুলি কয়৷ 

কৃষকৰ বাবে ডাঙৰ কাম কৰা বুলি কয়৷ কৃষকৰ উৎপাদন কৰাত যিমান খৰছ হয় তাতকৈ দুই গুণ চৰকাৰে দিব৷ সংসদত ইয়াৰ বাবে চৰ্চা হ’ব৷ কিন্তু কংগ্ৰেছ এই সন্দৰ্ভত চৰ্চা হ’ব দিয়া নাই৷ আমি ৰাইজৰ মাজত যাম৷ দেশৰ মান সন্মান বৃদ্ধি হৈছে৷ দেশে এজন প্ৰধানমন্ত্ৰী পাইছে যিয়ে ১৮ ঘন্টা কাম কৰিছে বিশ্বত আজি দেশৰ মান বৃদ্ধি হৈছে৷ 

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ গুৱাহাটীত উপস্থিত হয়৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটী মহানগৰীৰ খানাপাৰত শনিবাৰে অনুষ্ঠিত হোৱা এখন কৰ্মকৰ্তা সন্মিলনত অংশ লৈ শ্বাহে অহা নিৰ্বাচনত উত্তৰ পূৰ্বাঞ্চলত বিজেপিয়ে ২১ খনতকৈও বেছি আসনত জয়ী হ’ব বুলি কয়৷ শ্বাহে কয়, আগন্তুক ২০১৯ চনৰ নিৰ্বাচনত ২৫ খন আসনৰ ভিতৰত ২১খনকৈও বেছি আসন লাভ কৰিব বিজেপিয়ে৷
    
দিনৰ ১২ বজাৰ পৰা খানাপাৰাত অনুষ্ঠিত সমাৱেশত ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে উপস্থিত থকাৰ লগতে দলৰ সাংসদ–মন্ত্ৰী, বিধায়ক, সমগ্ৰ অসমৰ মণ্ডল সভাপতি বুথ সভাপতি উপস্থিত থাকে। বিয়লি ৫ বজাত মন্ত্ৰী-বিধায়ক, আৰএছএছ নেতাৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত হয় অমিত শ্বাহৰ।