internet
internet

newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পালঘৰ লোকসভা সমষ্টিত অনুষ্ঠিত উপ-নিৰ্বাচনত বিজেৰি প্ৰাৰ্থী ৰাজেন্দ্ৰ গাৱিতে জয়লাভ কৰিবলৈ সক্ষম হয়৷ গাৱিতে শিৱসেনাৰ প্ৰাৰ্থীক প্ৰায় ৪৫ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ শেষ হাঁহি মাৰে৷

ইফালে সমষ্টিটোত বিজেপিৰ জয়লাভ পিছতে ৰাজ্যখনৰ বিজেপিৰ মিত্ৰদল শিৱসেনাৰ কেইবাগৰাকীও মন্ত্ৰীয়ে পদত্যাগ কৰাৰ সম্ভাৱনা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷ বৃহস্পতিবাৰে সন্ধিয়া শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেই এখন সংবাদ মেল আয়োজন কৰি সাংবাদিক সকলক সম্বোধিত কৰে৷

সংবাদ মাধ্যমৰ আগত উদ্ধৱ থাকৰেয়ে নিৰ্বাচনীৰ ভোট গণনাত বিসংগতি হোৱা বুলি মন্তব্য কৰি বিসংগতিসমূহ দূৰ নহোৱা পৰ্যন্ত পালঘৰ সমষ্টিৰ নিৰ্বাচনী ফলাফল ঘোষণা নকৰিবলৈ দাবী জনায়৷

তেওঁ নিৰ্বাচন আয়োগ দুৰ্নীতিত লিপ্ত হোৱা বুলিও অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগক মনোনীত কৰাতকৈ নিৰ্বাচিত কৰাটোহে জৰুৰী বুলি মন্তব্য কৰে৷ উল্লেখ্য যে, শিৱসেনাৰ অধ্যক্ষ গৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়া, ইভিএম আৰু ভোট দানত জালিয়াতি কৰা বুলি বিজেপি বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷

আনহাতে বিজেপিয়ে নিৰ্বাচন আয়োগ আৰু গণতন্ত্ৰক নিজৰ ইচ্ছা মতেই ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰি প্ৰয়োজন হ’লে ইয়াৰ বিৰুদ্ধে আদালতলৈ যাব বুলিও হুংকাৰ দিয়ে উদ্ধৱ থাকৰেয়ে৷

শিৱসেনাৰ অধ্যক্ষগৰাকীয়ে ৰাজ্যখনৰ এনডিএৰ চৰকাৰৰ পৰা দলৰ মিত্ৰতা ভংগ কৰি মিত্ৰজোটৰ বাহিৰৰ পৰাই চৰকাৰক সমৰ্থন আগবঢ়াব৷ পালঘৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেৰ বাসগৃহত অনুষ্ঠিত হোৱা এখন দলীয় বৈঠকৰ পিছতে অধ্যক্ষগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

উল্লেখ্য যে, ইয়ৰ পূৰ্বেও উদ্ধৱ থাকৰেয়ে বিজেপি চৰকাৰক আক্ৰমণ কৰি বিজেপিয়ে নিৰ্বাচনী আয়োগ আৰু গনতন্ত্ৰক নিজৰ হাতত মুঠিত ৰাখে বুলি অভিযোগ উত্থাপন কৰিছিল৷ পালঘৰ সমষ্টিত বিজেপিৰ অভূতপূৰ্ব বিজয়ৰ পিছত শিৱসেনা আৰু বিজেপিৰ মাজত সম্পৰ্ক পূৰ্বৰ তুলানত অধিক বেয়া হৈ পৰে৷

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে শিৱসেনাই বিজেপিয়ে চক্ৰান্তমূলকভাৱে ইভিএমত বিসংগতিৰ সৃষ্টি কৰিছিল বুলি মন্তব্য কৰাৰ লগতে ভোটাৰ তালিকাৰ পৰা হঠাৎ হাজাৰ হাজাৰ ভোটাধিকাৰৰ নাম অন্তৰ্ধান হৈছিল বুলি অভিযোগ কৰে৷

আনফালে, বিজেপিয়ে শিৱসেনাৰ অভিযোগ প্ৰত্যাখ্যান কৰি শান্তিপূৰ্ৱক ভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ শিৱসেনা আৰু বিজেপিৰ মিত্ৰজোট সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে শিৱসেনাৰ লগত বিজেপিৰ জোটবন্ধন হিন্দুত্বৰ ভিত্তিত গঢ়ি উঠিছে৷

গাডকাৰীয়ে মিত্ৰজোটৰ দল দুটাৰ মাজত অলপ চলপ মতানৈক্য থকাটো স্বাভাৱিক বুলি উল্লেখ কৰি দুয়োটা দলৰ মাজৰ মিত্ৰতা বৰ্তি থকাটো বিচাৰে বুলিও মন্তব্য কৰিছিল৷