ডিজিটেল ডেস্কঃ দেশৰ প্ৰধান দুটা দলে বিমুদ্ৰাকৰণৰ এবছৰীয়া বৰ্ষপুৰ্তি দিনটো নিজা নিজা কৈ একোটা বিশেষ দিন হিচাপে পালন কৰিব৷ এনডিএ নেতৃত্তাধীন বিজেপি চৰকাৰে পালন কৰিব ক’লা ধন বিৰোধী দিৱস হিচাপে৷ ক’লা ধন ৰোধ কৰিব পাৰক বা নোৱাৰক সেয়া দিৰ কথা৷
আনহাতে বিজেপিৰ বিমুদ্ৰাকৰণ এক মাৰাত্মক ভুল বুলি দোহাৰী দেশৰ জনসাধাৰণৰ দুৰ্দশাৰ কথা সুৱৰী কংগ্ৰেছ তথা বিৰোধী দল সমুহে পালন কৰিব ক’লা দিৱস হিচাপে৷ দুয়ো দলৰে প্ৰস্তুতি তুংগত৷ বিমুদ্ৰাকৰণৰ প্ৰতিবাদতত দেশৰ অনান্য প্ৰান্তৰ লগতে অসমতো পালন কৰিব ক’লা দিৱস কংগ্ৰেছ দলে৷
বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতিলৈ অমানিশা নমাই অনা বুলি দেশজুৰি ক’লা পতাকা উৰুৱাই প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰিব, লগতে নেতা কৰ্মী সকলে পৰিধান কৰিব ক’লা বেজ৷ এ আই ইউ ডি এফ এও বুধবাৰে দীঘলী পুখুৰী পাৰত অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়নেৰে প্ৰতিবাদী সাব্যস্ত কৰিব, লগতে গুৱাহাটী ক্লাৱৰ ৰটাৰী ক্লাৱৰ সমীপতো দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অৱস্থান ধৰ্মঘট কৰিব৷
অসমৰ লগতে দেশৰ অন্য প্ৰান্তত চিপিআই, চিপিআইএম,এচইউচিআই, আম আদমি পাৰ্টি, অনচিপি, সমাজবাদী পাৰ্টি, জনতা দল, এলডিপি, অসম সংগ্ৰামী মঞ্চ আদিয়েও প্ৰতিবাদী দিৱসৰ আহ্বান জনাইছে৷
আনহাতে এই বিমুদ্ৰাকৰণক এক সফল কাৰ্যসূচী হিচাপে জ্ঞান কৰি বিজেপি চৰকাৰে ক’লা ধন বিৰোধী দিৱস হিচাপে পালন কৰিব৷ বিজেপি সভাপতি অমিত শ্বাহে এই ক’লা ধনৰ বিৰোধীতা আৰু বিমুদ্ৰাকৰণৰ সফলতা হিচাপে সমগ্ৰ দেশজুৰি প্ৰতিখন জিলাতে ৬ৰ পৰা ৯ নৱেম্বৰলৈ ক’লা ধন বিৰোধী দিৱস উদযাপনৰ বাবে আহ্বান জনাইছে৷