কোকৰাঝাৰঃ বড়োলেণ্ড ডাঞ্চিং ষ্টাৰ ছিজন- ২ প্ৰতিযোগিতাখনৰ অডিশ্যনক লৈ আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত প্ৰতিযোগিতাখনৰ আয়োজক সমিতিৰ সভাপতি দিলীপ ব্ৰহ্মই সদৰী কৰা মতে বিটিএডি অঞ্চলৰ উপৰিও ৰাজ্যখনৰ আন কেইবাখনো জিলাক সাঙুৰি লৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ অডিশ্যন অহা ৩০ জুনৰ পৰা আৰম্ভ হ'ব৷

প্ৰতিযোগিতাখনৰ প্ৰথম অডিশ্যন ৩০ জুনত শোণিতপুৰত অনুষ্ঠিত হ'ব৷ ইয়াৰ পিছতে পৰ্যায়ক্ৰমে ১ জুলাইত ওদালগুৰি, ২ জুলাইত টংলা, ৫ জুলাইত বৰমা, ৮ জুলাইত বিজনী, ৯ জুলাইত বঙাইগাওঁ, ১০ জুলাইত কাজলগাঁও, ১২ জুলাইত কোকৰাঝাৰ, ১৪ জুলাইত গোসাইগাওঁ আৰু ১৬ জুলাইত গুৱাহাটীত অডিশ্যন অনুষ্ঠিত হ'ব৷

অডিশ্যনকে ধৰি চাৰিটা ৰাউণ্ডত অনুষ্ঠিত হ'বলগীয়া বডোলেণ্ড ডাঞ্চিং ষ্টাৰ চিজন- ২ প্ৰতিযোগিতাখনৰ চূড়ান্ত প্ৰতিযোগিতাখন অহা ৩০ জুলাইত কোকৰাঝাৰস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব ৷ চূড়ান্ত প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকিব বহি: ৰাষ্ট্ৰ মালেছিয়াৰ প্ৰখ্যাত ডাঞ্চাৰ তথা ডাঞ্চ প্ৰশিক্ষক এন্টো জৰ্জ।

উল্লেখ্য যে বডোলেণ্ড ডাঞ্চ ফ্ল'ৰ আৰু ফ্লিম ছোছাইটিৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া বডোলেণ্ড ডাঞ্চিং ষ্টাৰ ছিজন-২ৰ প্ৰতিযোগিতা তথা অডিশ্যনত ৮ বছৰৰ উৰ্দ্ধৰ প্ৰতিভাসম্পন্ন  কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীয়ে অংশ ল'ব পাৰিব বুলি আয়োজক সমিতিৰ সভাপতি দিলীপ ব্ৰহ্মই সংবাদমেলত সদৰী কৰে৷