আজাৰাঃ বগা শুই আছিল ২০ ফুট ওখ পানী টেংকিত৷ পাছে আৰক্ষী অহাৰ উমান পাই ২০ ফুট ওখ পানী টেংকিৰ পৰা জপিয়াই পলাব খুজিছিল যদিও এইবাৰ বগাৰ কপাল বেয়া৷ আৰক্ষীৰ বেহু ফালি পলাব নোৱাৰিলে বগাই৷ পুৰ্বৰ দৰে ভুল নকৰি আৰক্ষীয়ে সষ্টম হৈ গৈছিল এইবাৰ বগাক ধৰিবলৈ৷
চৌদিশৰ পৰা ঘেৰি লৈ আৰক্ষীয়ে জাপ মৰাৰ লগে লগে গবা মাৰি ধৰিছিল বগাক৷ বোলছবিৰ কাহিনী যেন লাগিলেও অৱশেষত দূধৰ্ষ গাড়ীচোৰ বগা পৰিল আৰক্ষীৰ জালত৷ বিজয়নগৰ আৰক্ষীয়ে যোৱা দেওবাৰে নিশা গভাইত চোৰ বগা ওৰফে আনোৱাৰ হুছেইনক ধৰাৰ বাবে পৰিকল্পনা কৰে যদিও আৰক্ষীতকৈও যেন বেছি চলিল বগাৰ মগজু৷
দেওবাৰৰ পৰা পলাই থকা অসম আৰক্ষীৰ মুৰৰ কামোৰণি দুধৰ্ষ গাড়ী চোৰ তথা অবৈধ গাঞ্জা সৰবৰাহকাৰী, চুৰি হত্যাকাণ্ডৰ দৰে অপৰাধত বহুবাৰ জেলৰ ভাত খোৱা কুখ্যাত বগা অৱশেষত যোৱা নিশা বিজয়নগৰ আৰক্ষীয়ে পলাশবাৰী আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি যোৱা নিশা হালীগাঁও ফকিৰপাৰা পুৰণি বস্তিৰ পানী টেংকীৰ প্ৰায় ২০ ফুট ওপৰত আত্মগোপন কৰি থকা দুধৰ্ষ বগা চোৰক নিশা প্ৰায় ২ বজাত অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। জানিবপৰামতে দুধৰ্ষ বগা চোৰে পনীৰ টেংকৰ পৰা জপিয়াই পলাব খোজতে আৰক্ষীৰ দলে গবা মাৰি ধৰাত বগা পলাবলৈ সক্ষম নহল।
উল্লেখ্য যে, কিছুদিন আগতেও আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ সক্ষম হৈছিল বগা চোৰ ওৰফে আনোৱাৰ হুছেইনে। উক্তদিনাই হালীগাও ফকিৰপাৰাস্থিত বগা চোৰৰ বাসগৃহৰ কাষতে থকা মজিব আলী নামৰ লোকজনৰ ঘৰত আত্মগোপন কৰি থকাৰ খৱৰ পাই বিজয়নগৰ আৰক্ষীয়ে নিশা মজিব আলী ঘৰত অভিযান চলাইছিল যদিও আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ সক্ষম হৈছিল বগা।
আৰক্ষীয়ে উক্ত লোকজনৰ ঘৰত তালাচি চলাই বগাই ব্যৱহাৰ কৰা এটা পিষ্টল, এটা মেগজিন, তিনিজাই সজীৱ গুলী, এটা মোবাইল হেণ্ডচেট আৰু AS-01-DH-9649 নম্বৰৰ পালচাৰ মটৰ চাইকেল এখন উদ্ধাৰ কৰিছিল। যোৱা নিশা পলাশবাৰী আৰু বিজয়নগৰ আৰক্ষীয়ে বগা ওৰফে আনোৱাৰ হুছেইনৰ ঘৰত আত্মগোপন কৰি থকা খৱৰ পাই আৰক্ষীৰ এটি বৃহৎ দলে বাসগৃহ ঘেৰাও কৰি বগা ওৰফে আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে।