পাঞ্জাবাৰীঃ পৱিত্ৰ শাওণৰ মাহত ব'ল বম উৎসৱৰ অচিলা লৈ এতিয়া ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে বশিষ্ঠ গংগা সেৱা সমিতি। বছৰ বছৰ ধৰি ভক্তক ডাক ব'ম দিয়াৰ নামত শৰাধ কৰি আহিছে লাখ লাখ টকা। আজি এক সংবাদমেলযোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে বশিষ্ঠাশ্ৰম পৰিচালনা সমিতিয়ে।

দীৰ্ঘদীন ধৰি বশিষ্ঠ গংগা সেৱা সমিতিয়ে ব'ল বমৰ নামত ভক্তক ভিআইপি সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে ১০০ৰ পৰা ৩০০ টকা পৰ্যন্ত লৈ ডাক ব'ম যোগান ধৰাৰ নামত সংগ্ৰহ কৰি আহিছে বৃহৎ পৰিমাণৰ টকা ।বিগত ৩০-৪০ বছৰ ধৰি সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধনৰাশিৰ আজিকোপতি নাই কোনো ৰাজহুৱা হিচাপ ।

ইয়াৰোপৰি কামাখ্যা ধামৰ অম্বুবাচী মেলাৰ সৈতে বশিষ্ঠ মন্দিৰক তুলনা কৰি চৰকাৰে কামাখ্যা মন্দিৰৰ নামত কোটি কোটি টকা খৰছ কৰাৰ বিপৰীতে বশিষ্ঠ মন্দিৰৰ ধর্মীয় অনুষ্ঠানৰ নামত চৰকাৰে এটকাও নিদিয়াৰ বাবে এইবাৰ বলবম উৎসৱত ভক্তক সা-সুবিধা দিয়াৰ পৰা মন্দিৰ পৰিচালনা সমিতি বিৰত থাকিব বুলি সদৰী কৰে।

গংগা সেৱা সমিতিয়ে সমগ্ৰ ধন আত্মসাত কৰা ঘটনাত বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা মহানগৰ জিলাৰ উপায়ুক্ত এম. অংগমুথু সম্পূৰ্ণ নীৰৱ হৈ থকাত আশ্চৰ্য প্ৰকাশ কৰে। এনেবোৰ ধৰ্মীয় আৱেগ-অনুভূতি জড়িত বিষয়ক লৈ ৰাজ্য চৰকাৰ আৰু প্ৰশাসনিক বিষয়াক হেতালি নেখেলিবলৈকো আহ্বান জনায়। 

উল্লেখ্য যে, মাঘী মেলা, শিৱৰাত্রী, ছট পূজাকে ধৰি বশিষ্ঠাশ্ৰমত অনুষ্ঠিত হৈ আহিছে ব'লবম উৎসৱ। এই আশ্ৰমৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানত সমবেত হয় হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজ । কিন্তু আজিলৈকে পৰ্যটনস্থলী তথা উপাসনাস্থলী বশিষ্ঠ মন্দিৰত চৰকাৰে এটকাও সাহায্য প্ৰদান নকৰাকৈ থকা ঘটনাত আজি ক্ষুব্ধ হৈ পৰে দেৱালয়খনৰ পৰিচালনা সমিতিৰ একাংশ। আজিৰ সংবাদমেলত অতি শীঘ্ৰে ৰাজ্যৰ পৰ্যটন বিভাগ আৰু পুৰাতত্ত্ব বিভাগক মন্দিৰটোৰ প্ৰতি গুৰুত্ব দিবলৈকো দাবী জনায় বশিষ্ঠাশ্ৰম পৰিচালনা সমিতিয়ে।