newsnextone.com | ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ অভিযোগৰ গোচৰত দোষী সাব্যস্ত হোৱা আৰু আদালতে কাৰাদণ্ড ঘোষণা কৰা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আৰু তেওঁৰ কন্যা মৰিয়াম শ্বৰীফ শুকুৰবাৰে নিজ দেশত উপস্থিত হোৱাৰ সময়তে ৰক্তাক্ত হ’ল পাকিস্তান৷ নৱাজ শ্বৰীফে আবু ধাবিৰ পৰা এখন বিশেষ বিমানেৰে শুকুৰবাৰে কন্যাৰ সৈতে উপস্থিত হোৱাৰ পূৰ্বে বোমা বিস্ফোৰণ সংঘটিত হৈ ৭৪ জন লোকৰ মৃত্যু হয়৷ 

যেন আকৌ এবাৰ ৰক্তাক্ত হ’ল পাকিস্তান৷ শুকুৰবাৰে দুটা বোমা বিস্ফোৰণত কমেও ৭৪ জন লোকৰ মৃত্যু হয়৷ আহত হৈছে প্ৰায় ১০০গৰাকী লোক৷ এতিয়ালৈ কোনো সন্ত্ৰাসবাদীয়ে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷

বালুলিচিস্তান প্ৰদেশৰ মাচদুং জিলাৰ দাৰেণগৰত এখন নিৰ্বাচনী সভাত দুটাকৈ বিস্ফোৰণ ঘটনায় সন্ত্ৰসবাদীয়ে৷ বিস্ফোৰণত কম পক্ষেও ৭৪গৰাকী লোকৰ মৃত্যু হয়৷ বিএপি দল প্ৰাৰ্থী চিৰাজ ৰাইচানিৰো মৃত্যু হয়৷ ৫৩ জন আহতক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰৈ হৈছে৷ এয়া আত্মাঘাটি বিস্ফোৰণ আছিল বুলি কয় আৰক্ষীয়ে৷ চিকিৎসালয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে৷ চিকিৎসালয়ত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ সভা চলি থকাৰ সময়তে দুটাকৈ বিস্ফোৰণ সংঘটিত হয়৷