বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী বৃহত্তৰ বৰনৰ্দ্দী অঞ্চলৰ বনগাঁওত সোমবাৰে এটি বেংকৰ শাখা স্থানান্তৰ কৰাক লৈ ৰাইজৰ মাজত অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, বনগাৱঁত দীৰ্ঘদিন ধৰি অসম গ্ৰামীন বিকাশ বেংকৰ শাখা কাৰ্যালয়টো এটি কাম চলি আছিল। কিন্তু হঠাতে বেংকৰ শাখাটো বনগাঁৱৰ নিচেই সমীপৰ বৰনৰ্দ্দীলৈ স্থানান্তৰিত কৰাৰ এক ষড়যন্ত্ৰ চলাৰ অভিযোগ পোহৰলৈ অহাৰ লগে লগে স্থানীয় ৰাইজ জাঙুৰ খাই উঠে।
জানিব পৰা মতে বৃহত্তৰ অঞ্চলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ একমাত্ৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাটো বনগাঁৱৰপৰা স্থানান্তৰিত কৰিবলৈ বেংকৰ পৰিচালকে এনে ষড়যন্ত্ৰত লিপ্ত হৈছে। ৰাইজক অন্ধকাৰত ৰাখি এই শাখাটো অন্য ঠাইলৈ স্থানান্তৰিত কৰিব বিচৰাত ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজে বেংকৰ শাখা স্থানান্তৰিত কৰিব বিচৰা কাৰ্য অতিশীঘ্ৰে বন্ধৰ দাবী জনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
আনহাতে, কালি এই শাখাটো অন্য ঠাইলৈ স্থানান্তৰিত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি একাংশ স্থানীয় মহিলাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি বেংকৰ সন্মুখভাগৰ ৰাজপথ কপাই তোলে। বিভিন্ন শ্লোগানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা মহিলাসকলে কোনো কাৰণতে বেংকৰ শাখা অন্য ঠাইলৈ স্থানান্তৰিত কৰিব নিদিয়ে বুলিও হুংকাৰ দিয়ে।