আজাৰাঃ পলাশবাৰীৰ ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত এনএছএছ কোষৰ উদ্যোগত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ লগতে এখন গ্ৰন্থ উন্মোচন কৰা হয়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ডo দিনমণি কলিতাই অনুবাদ কৰা উইলিয়াম শেক্সপিয়াৰৰ কিং লীয়েৰ বৃত্তান্ত আৰু বৃক্ষণ গ্ৰন্থখনি উন্মোচন কৰা হয়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ডo দিনমণি কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডo ৰঞ্জন কলিতাই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।
ডo ৰঞ্জন কলিতাই গ্ৰন্থখন উন্মোচন কৰি অনুবাদ সাহিত্য বৰ কঠিন তথাপি বিভিন্ন ব্যস্ততাৰ মাজতো অধ্যক্ষগৰাকীয়ে ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ বিশেষকৈ উইলিয়াম শেক্সপিয়াৰৰ কিং লীয়েৰ বৃ্ত্তান্ত আৰু বৃক্ষণ তৃতীয় গ্ৰন্থ হিচাপে ৰাইজৰ হাতত তুলি দিয়া কাৰ্য সচাকৈয়ে প্ৰশংসনীয় বুলি কয়।
অনুষ্ঠানত মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হৰেণ দাস, ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নিজৰা গগৈ উপস্থিত থাকি কলিতাৰ গ্ৰন্থখন পাঠকক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে৷
লেখক অধ্যক্ষ ডo দিনমণি কলিতাই এয়া তেওৰ এক সাধাৰণ প্ৰচেষ্টা বুলি কৈ অসমীয়া সংস্কৃতি বজাই ৰখাৰ ক্ষেত্ৰত সাহিত্য-সংস্কৃতি দিশ নিশ্চয়কৈ অনুধাৱণ কৰিব লাগিব বুলি উল্লেখ কৰে। সভাত মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।