গোৰেশ্বৰঃ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত এগৰাকী মহিলাই সাহিত্যৰ ভড়াল চহকী কৰাৰ বাবে নিৰলস সাধনা কৰি আহিছে৷ ছাত্ৰ জীৱনৰ পৰাই সমাজ, সভ্যতা, ক্ষোভ, প্ৰেম-ভালপোৱা সন্দৰ্ভত  কবিতা, প্ৰৱন্ধ, গল্প আদি লিখি আহা বাক্সা জিলাৰ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সৰুফুলচ’কী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গোলাপলতা গোস্বামীয়ে লিখি উলিওৱা এখন গ্ৰন্থ আজি উন্মোচন কৰা হয়।

বিদ্যালয়খনত অনুষ্ঠিত এখন গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় ‘বিশ্বৰ সঁফুৰাত মহৎ লোকৰ দিগদৰ্শন’ নামৰ গ্ৰন্থখন। কৃষ্ণদাস স্বৰ্গীয়াৰীৰ পৌৰহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মচন কৰে গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নগেন কাকতিয়ে।

কাকতিয়ে গ্ৰন্থখন উন্মোচনী কৰি শিক্ষক-শিক্ষয়িত্ৰী সকলে কেৱল পাঠ্যগত শিক্ষাদানতে ব্যস্ত নাথাকি শিশু উপযোগী কানত নিজকে নিয়োজিত কৰিব লাগে। উল্লেখ্য যে গোলাপলতা গোস্বামীৰ পুথিখনত ১০২২ টা মহৎ লোকৰ বাণী সন্নিবিষ্ট কৰা হৈছে। ইতিমধ্যে চাৰিখনকৈ পুথি প্ৰকাশিত হোৱা শিক্ষয়িত্ৰী গৰাকীৰ এয়া পঞ্চম খন পুথি।

বিশেষকৈ শিশু উপযোগী গ্ৰন্থৰে সাহিত্যৰ ভঁৰাল চহকী কৰা গোলাপলতা গোস্বামীয়ে ইতিমধ্যে বাক্সা জিলাৰ কৃতী শিক্ষয়িত্ৰী বঁটাৰ লগতে অসম চৰকাৰৰ ৰাজ্যিক কৃতী শিক্ষয়িত্ৰীৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। ত্ৰিদীপ কুমাৰ শৰ্মাৰ দ্বাৰা প্ৰকাশিত পুথিখনৰ বেটুপাত অংকণ কৰিছে জয়শ্ৰী শৰ্মাই। এই পুথিখনে কণ কণ শিশুৰ, পাঠক-পাঠিকা আৰু ৰাইজক মানসিক তৃপ্তি আৰু বৌদ্ধিক বিকাশত অৰিহণা যোগাব বুলি লেখিকাগৰাকীয়ে আশা প্ৰকাশ কৰিছে।