♦ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে জনালে বিদায় 

ৰবীন মহন্ত, বৰহোলাঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত শ্ৰীশ্ৰী বগীআই সত্ৰৰ প্ৰাথমিক শিক্ষাৰ অন্যতম কেন্দ্ৰ শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়। বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কেৱশ মহন্ত চাকৰিৰ কাৰ্যকাল অন্ত হোৱাৰ বাবে মঙলবাৰে বিদ্যালয়খনিত বিদায় সম্বৰ্দ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানটি উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে বিদ্যালয়ৰ শিক্ষক অমৃত শইকীয়াই। অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীক সম্বৰ্দ্ধনা-পত্ৰ, সঁফুৰা, গামোচা, চেলেং আদি প্ৰদান কৰি বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো শিক্ষক-শিক্ষয়িত্ৰী, অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্দ্ধনা জনায়।

তিতাবৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি আৰু তিতাবৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতিৰ দায়িত্বত থকা অৱস্থাতে অৱসৰ গ্ৰহণ কৰা কেশৱ মহন্তৰ বিদায় সম্বৰ্ধনা সভাখনিত বহুতো শিক্ষক-কৰ্মচাৰীৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰা সভাখনিত সভাপতিত্বত কৰে নন্দ নাথ শইকীয়া মহাবিদ্যালয় সহযোগী অধ্যাপক ড০ বুদ্ধিন্দ নাথ শইকীয়াই।

সভাত নন্দনাথ শইকীয়া মহাবিদ্যালয় সহযোগী অধ্যাপক ড০ গুনাৰাম নাথে বক্তব্য প্ৰদান কৰি বিদ্যালয়খনিৰ পৰিৱেশ সম্পৰ্কে ভুয়সী প্ৰসংশা কৰি কয় এনে এখন বিদ্যালয়ৰ প্ৰধান কেশৱ মহন্তই কৃৰ্তি শিক্ষকৰ বঁটা লাভ নকৰাটো আচাৰ্যমূলক বিষয়। 

সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি প্ৰদীপ বৰা, যোৰহাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰশান্ত বৰা, অৰুণোদয় উচ্চ ইংৰাজী বিদ্যালয় প্ৰধান শিক্ষক বিমান শইকীয়া, কেশৱ মহন্তৰ জ্যেষ্ঠ ভাতৃ যাদৱ মহন্ত, যোৰহাট জিলা মজলীয়া শিক্ষক সন্থাৰ সভাপতি জীৱ বৰা, তিতাবৰ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি ব্ৰজেন বৰা, শিক্ষক নৰেন শইকীয়া বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্ৰী শ্যামলী দত্তই কেশৱ মহন্তৰ বিষয়ে আবেগিক বক্তব্য প্ৰদান কৰি সকলোকে আবেগিক কৰি তোলে।

সভাত তিতাবৰ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া পৰেশ গগৈ, কৰ্মচাৰী পৰিষদৰ তিতাবৰ জিলা সমিতিৰ সম্পাদক শান্তনু হাজৰিকা, তিতাবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ধৰ্মেশ্বৰ শইকীয়া, সম্পাদক চামচুল জামাল শইকীয়া, তিতাবৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ প্ৰাক্তন সম্পাদক চানু শ্যাম, বুনিয়াদী শিক্ষক সন্থাৰ তিতাবৰ জিলা প্ৰাক্তন সদস্য তোষেশ্বৰ কাৰডং আদি ব্যক্তিসকল উপস্থিত থাকে।

বিগত সময়ত অৱসৰ গ্ৰহণ কৰা শিক্ষাক কৰ্মচাৰীসকলে পেন্সনৰ টকাকেইটা পাবৰ বাবে বিভাগীয় কাৰ্যালয়লৈ তাঁত-বাতি কৰি থাকিবলগীয়া হৈছিল, তাৰ পৰিৱৰ্তে কেশৱ মহন্তই অৱসৰৰ দিনাই লিভ ইনকেচমেন্ট আৰু গ্ৰেচুইটিৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা বাবে উপস্থিত থকা ৰাইজে শলাগ জনায়।