বৰনৰ্দ্দীঃ পশ্চিম নলবাৰীৰ চামতা সমীপৰ বাটসৰ নিবাসী জনপ্ৰিয় যুৱ সমাজকৰ্মী, সৰবৰহী যুৱক, প্ৰাক্তন শিক্ষক জাকিৰ হুচেইনৰ আকস্মিক মৃত্যুত আজি 

শোকস্তব্ধ হৈ পৰে সমগ্ৰ অঞ্চলটো৷ বি বি এছ বি হাইস্কুলৰ প্ৰাক্তন শিক্ষক তথা দক্ষিণ পকোৱা বহুমুখী সমবায় সমিতিৰ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি থকা জাকিৰ হুচেইন কালি নিশা প্ৰায় ৮.৩০ বজাত পৱিত্ৰ শ্ববেকদৰৰ নামাজ মছজিদত সমাপন কৰিবলৈ সাজু হোৱাৰ সময়তে গা বেয়া লগাত ঢলি পৰে৷ 

তেওঁক ততাতৈয়াকৈ চিকিৎসাৰ বাবে উত্তৰ গুৱাহাটীৰ জি এন আৰ চিলৈ নিয়া হয় যদিও দেওবাৰে নিশা ১২ বাজি তিনি মিনিটত শেষ নিশ্বাস ত্যাগ কৰে৷ হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ আকস্মিক মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে৷ 

যুৱ সমাজকৰ্মী, সৰবৰহী যুৱক জাকিৰ হুচেইন হঠাৎ অসুস্থ হৈ চিকিৎসালয়লৈ যাবলগীয়া হোৱাৰ খবৰ পোৱাৰ লগে লগেই অজস্ৰ গুণমুগ্ধ, বন্ধু, শুভকাংক্ষী আদি চিকিৎসালয়ত ভৰি পৰে৷ ইপিনে তেওঁৰ আকস্মিক মৃত্যুৰ বাতৰি বিয়পি পৰাত শোকস্তব্ধ হৈ পৰে সমগ্ৰ পশ্চিম নলবাৰী৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ৷ মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এমাডিমা দুই পুত্ৰ, পিতৃ মাতৃ, এগৰাকী ভাতৃসহ অজস্ৰ গুণমুগ্ধ ইহসংসাৰত এৰি থৈ যায়৷ 

পশ্চিম নলবাৰীৰ চাৰিখন গাঁও বাটসৰ, বৰক্ষেত্ৰীবৰ্ণি, চুৰচুৰী আৰু বিল্বেশ্বৰ চমুকৈ বি বি এছ বি অঞ্চলৰ প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত জাকিৰ হুচেইন বি বি এছ বি হাইস্কুলৰ প্ৰাক্তন সহকাৰী শিক্ষক৷ শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় জাকিৰ হুচেইনে শিক্ষকতা বাদ দি দক্ষিণ পকোৱা বহুমুখী সমবায় সমিতিৰ সভাপতি পদত নিৰ্বাচিত হৈ কাৰ্যনিৰ্বাহ কৰাত পৰৱৰ্তী সময়ত সমবায়খনৰ সচিব পদত নিযুক্ত হয়৷ 

বৰ্তমানলৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰা জাকিৰ হুচেইন নলবাৰী জিলা বহুমুখী সমবায় আৰু পাইকাৰী সন্থাৰ সম্পাদক পদ চম্ভালি আছিল৷ বিবিএছবি হাইস্কুলত শিক্ষকতা কৰি থাকোতে বিএড প্ৰশিক্ষণলৈ যোৱা জাকিৰ হুচেইন ১৯৯৫ চনত গোৱালপাৰা বিএড কলেজৰ সাধাৰণ সম্পাদক আছিল৷ সামাজিক কাম কাজত জড়িত হৈ ভাল পোৱা জাকিৰ হুচেইন বিবিএছবি মিলন ঈদগাহ সমিতিৰ সহকাৰী সম্পাদক, বাটসৰ মোক্তাৱ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, বাটসৰ মাজৰচুপা গাঁও উন্নয়ন সমিতিৰ সম্পাদক, বিবিএছবি হাইস্কুল, এম ই স্কুল পৰিচালনা সমিতি, দীৰ্ঘকাল ধৰি বিবিএছবি যুৱক সংঘৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক, এভাৰগ্ৰীণ ক্লাব, গ্ৰীণভীউ ক্লাবৰ সাধাৰণ সম্পাদক, পশ্চিম নলবাৰী যুৱ সমাজ, পশ্চিম নলবাৰী কেন্দ্ৰীয় মছজিদ, পশ্চিম নলবাৰী চিৰাতুন্নবী সন্মিলন প্ৰচাৰ সমিতি, সাহিত্য সাংস্কৃতিক অনুষ্ঠান 'প্ৰজন্ম', 'প্ৰজন্ম'ই আয়োজন কৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি, নলবাৰী জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ উপৰি বৃহত্তৰ উত্তৰ পকোৱা আৰু দক্ষিণ পকোৱাৰ হিন্দু সম্প্ৰদায়ৰ ভালেমান ৰাজহুৱা অনুষ্ঠানৰ সৈতেও জৰিত থাকি সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছিল৷ 

সকলোকে সজকামৰ বাবে পৰামৰ্শ, সহায়সহযোগ আগবঢ়াই অহা জাকিৰ হুচেইনৰ মৃতদেহত শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ বিবিএছবি ঈদগাহ ময়দানত পুৱাৰে পৰাই উভয় সম্প্ৰদায় লোকৰ সমাগম হয়৷ নলবাৰীৰ বিধায়ক অশোক শৰ্মা উপস্থিত হৈ শেষ শ্ৰদ্ধা জনাই জাকিৰ হুচেইনৰ মৃত্যু সমাজৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে৷ 

ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰে নশ্বৰদেহত দলীয় পতাকা আৰি দি শেষ শ্ৰদ্ধা নিবেদনৱকৰে। নাট্যকাৰ সতীশ দাস, শিক্ষাবিদ,সাহিত্যিক ভগৱান চন্দ্ৰ ডেকা, বেলশৰ জিলা পৰিষদৰ সদস্যা ৰীতামণি ডেকা, জিলা ছাত্ৰ সন্থাৰ নেতা দিগন্ত ভড়ালী, পশ্চিম নলবাৰী যুৱ সমাজৰ নুৰুল ইছলাম, ইনামূল মজিদ, বিবিএছবি হাইস্কুল, এম ই স্কুল আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ 

তদুপৰি প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাই  শোক সন্তপ্ত পৰিয়ালবৰ্গত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰি দলে দলে এগৰাকী নিষ্ঠাবান কৰ্মীক হেৰুৱালে বুলি কয়। মৃত্যুৰ সময়ত সৰবৰহী যুৱকজনে পিতৃ-মাতৃ, পত্নী, দুই পুত্ৰ, এগৰাকী ভাতৃ সহ অনেক গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।সৰবৰহী যুৱক-সমাজকৰ্মী জাকিৰ হুচেইনৰ আকস্মিক মৃত্যুৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই আজি স্বতস্ফূৰ্তভাৱে বন্ধ হৈ পৰে বাটসৰ-গোৱালপাৰা অঞ্চল৷ বাটসৰ আৰু গোৱালপাৰা চ'কৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান দিনটো বন্ধ ৰখা হয়৷