দিগন্ত বৰ্মণ, বৰনৰ্দ্দী

বৰনৰ্দ্দীঃ প্ৰতি গৰাকী অভিভাৱকে নিজৰ সন্তানক যিদৰে উচ্চ শিক্ষাৰ বাবে গুৰুত্ব প্ৰদান কৰে ঠিক তেনেদৰে প্ৰতোক জন অভিভাৱকে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰতো সমানে গুৰুত্ব প্ৰদান কৰিব লাগে। পশ্চিম নলবাৰীৰ কৈহাটীৰ গংগাধৰ বৰ্মন ফাউণ্ডেচেনৰ”ৰ উদ্যোগত সৰুক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়, বৰকাপলাত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা চতুৰ্দ্দশ বাৰ্ষিক বিশ্ব পৰিৱেশ দিৱসৰ মুকলি সভাত মুখ্য অতিথিৰ আসনৰ পৰা এইদৰে বক্তব্য আগবঢ়ায় বিশিষ্ট সাংবাদিক ৰঞ্জিত হাজৰিকাই। 

বিশিষ্ট শিক্ষাবিদ হৰেন্দ্ৰ নাথ ডেকাৰ পৌৰহিত্বত অনুষ্ঠিত সভাত আন এগৰাকী সাংবাদিক গিৰীন ডেকাই ভাষনত অভয়াপুৰীৰ ছৌটাকিত একেদিনাই তিনি লাখ পঞ্চাছ হাজাৰ গছপুলি ৰোপন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছিল যদিও তাৰ পৰৱৰ্তী সময়ত এডাল গছ পুলি জীয়াই নথকা কাৰ্যক গভীৰ আক্ষেপ প্ৰকাশ কৰে। সভাত নসত্ৰ কৃষ্ণগুৰু আধ্যত্মিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড°মাধুৰ্য্য মণ্ডিত বৰুৱা, অংশ গ্ৰহন কৰে ৷ 

ইপিনে উক্ত অনুষ্ঠানত সৰুক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত সাফল্য অৰ্জন কৰা দহ গৰাকী মেধাবী শিক্ষাৰ্থীক' আসাম ট্ৰিবিউন'ৰপৰা কিতাপৰ টোপোলা আৰু গংগাধৰ ফাউণ্ডেচনৰপৰা একোটা গছ পুলিৰে সম্বৰ্ধনা জনোৱা হয়। লগতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্বন পোৱা 'সৰ্থেবাৰীৰ সংবাদদাতাৰ পুত্ৰ আৰু গংগাধৰ বৰ্মণ কাকত এজেঞ্চিৰ পুত্ৰক সাংবাদিক ৰঞ্জিত হাজৰিকাই সম্বৰ্ধনা জনায়।  

আনহাতে অনুষ্ঠানত ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলন কৰে সৰুক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাই৷ ৯-১৫ বজাত বন্তি প্ৰজ্বলন ও স্মৃতি তৰ্পন কৰে শিক্ষাবিদ হৰেন্দ্ৰ নাথ ডেকাই, বন্তি প্ৰজ্বলন কৰে শ্ৰী শ্ৰী মনোহৰ দেৱ হাইস্কুলৰ, বৰকাপলাৰ প্ৰধান শিক্ষক নগেন বৰুৱা আৰু ১৭ নং মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী দিপ্তী নাথে৷ ৰাতিপুৱা ৯-৩০ বজাত গছপুলি বিতৰন অনুষ্ঠানৰ শুভাৰম্ভ কৰে “সৰ্থেবাৰীৰ ডেকা পেপাৰ এজেঞ্চীৰ স্বত্বাধিকাৰী সুনীল ডেকাই৷ অনুষ্ঠানত ১০০০ জোপা গছপুলি যোগান ধৰি ৰোপন কৰাৰ উপৰি ৰাইজৰ মাজত বিতৰন কৰে গংগাধৰ বৰ্মনে৷ তদুপৰি ৩৫ টা গছ পুলি ৰোপন কৰি শিক্ষানুষ্ঠানখনত সংৰক্ষণৰো ব্যৱস্থা কৰে।