বৰপেটাঃ চি আৰ পি এফ জোৱানৰ কণ্ঠত দেশপ্ৰেমমূলক গীতৰ সুৰেৰে সজীৱ হ’ল মৰানদী। পৌৰাণিক-নতুন দেশভক্তিমূলক গীতে জীপাল কৰিলে চাউলখোৱা নদীৰ পাৰ। মোহিত কৰিলে অগণন দৰ্শকক। হৃদয় জুৰোৱা কণ্ঠই জিনিলে দৰ্শকৰ হৃদয়।
আনহাতে, গীতে-মাতে বৰপেটাৰ জনতাক অধিক প্ৰেৰণা যোগালে জোৱানসকলে৷ জোৱানসকলে একত্ৰিতভাৱে দেশ আৰু জাতিৰ বাবে জীয়াই থাকিবলৈ সাহস তথা উৎসাহিত কৰি তোলে ৰাইজক৷ দেশপ্ৰেমত বুৰ গ’ল বৰপেটাৰ চাউলখোৱা মহোৎসৱস্থলী।
এক ব্যতিক্ৰমী ৰূপত বৰপেটাত ছহিদলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ দেশপ্ৰেমমূলক গীত, মাতেৰে দেশৰ বাবে প্ৰাণ আহুতি ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জনায়।
শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত বৰপেটা জিলা ডিজিটেল সাংবাদিক সংস্থাৰ উদ্যোগত আৰু চাউলখোৱা মহোৎসৱ উদযাপন সমিতিৰ সহযোগত হয় এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বৰপেটা জিলা কাৰাগাৰৰ অধ্যক্ষ গোবিন্দ মালাকাৰে। অনুষ্ঠানত হাউলী ১০ বি এনৰ ডেপুটি কমাণ্ডাৰ ব্ৰিজেছ কুমাৰ, ভাৰতীয় সেনাবাহিনীৰ ৯ জাট ৰেজিমেন্ট কমাণ্ডাৰ ৰোহিতাছ সিং, হেড কনিষ্টবল গোল্ডেন সিং আৰু চিকিৎসক জেবা খান উপস্থিত থাকি পুলৱামাৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।