গুৱাহাটীঃ চীনা সামগ্ৰীয়ে অসমৰ থলুৱা বজাৰখনত প্ৰভাৱ পেলোৱাৰ উপৰিও শাৰিৰীকভাৱে অত্যন্ত ক্ষতিকাৰক বুলি চৰ্চিত হৈ অহাৰ সময়তে মঙলবাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ সচেতন মহলে। 

শুৱালকুছিৰ পাটমুগা, সৰ্থেবাৰীৰ কাহ পিতলৰ উদ্যোগ বৰপেটাৰ অাটচবাজিকে অাদিকৰি থলুৱা উদ্যোগসমূহক মাধমাৰ শোধাই ৰাজ্যৰ বজাৰত চীনা সামগ্ৰীৰ দপদপনিৰ পৰিপ্ৰেক্ষিতত ৰাইজক সচেতন আৰু সজাগ কৰাৰ প্ৰয়াসেৰে আৰম্ভ কৰা হৈছে স্বদেশী জাগৰণ অভিযান। 

অভিনেতা প্ৰাঞ্জল শইকীয়াৰ অাহ্বানত স্বদেশী জাগৰণ অভিযান লৈ বৌদ্বিক মহল শিল্পী সমাজ লগতে অধিবক্তা সকল অাগবাঢ়ি অাহিছে।

চীনা সামগ্ৰীয়ে অামাৰ জীবনলৈ কিদৰে ভাবুকি কঢ়িয়াই অানিছে এই বিষয়ত আলোকপাত কৰিবলৈ ২০-৩০ অাগষ্টলৈ সমগ্ৰ ৰাজ্যত ব্যাপক সজাগতা অভিযান কাৰ্য্যসূচী হাতত লৈছে মঞ্চই। 

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে অভিযানৰ মূখ্য অাহ্বায়ক প্ৰাঞ্জল শইকীয়া, সুমন্ত চলিহাই ৰাইজক এই অভিযান সফল কৰিবলৈ  অাহ্বান জনায়।