বেইজিংঃ ভাৰতৰ ক্ষেপণাস্ত্ৰ 'ব্ৰাহ্মোজ’ক ৰোধিবৰ বাবে ৰঙা চীনে সাজু কৰিছে এক অত্যাধুনিক ক্ৰুইজ ক্ষেপনাস্ত্ৰ।

'এইচ ডি ৱান’ নামৰ এই ক্ষেপনাস্ত্ৰবিধৰ কাৰিকৰী কৌশলৰ কথা যোৱা শুকুৰবাৰে সদৰি কৰি চীনে কয় যে ই ভাৰতৰ ব্ৰাহ্মোজক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব। 

উত্তৰ চীনত এই ক্ষেপনাস্ত্ৰটোৰ সফল পৰীক্ষা সম্পন্ন কৰা হৈছে। ২,২০০ কিল’গ্ৰাম ওজনৰ এই ক্ষেপণাস্ত্ৰই ভূপৃষ্ঠৰপৰা ১৫ কিল’মিটাৰ উচ্চতাৰে শব্দৰ গতিতকৈয়ো বেগত উৰি গৈ ২৯০ কিল’মিটাৰ আঁতৰৰ লক্ষ্যত আঘাত হানিব পাৰিব।