কোকৰাঝাৰঃ বিটিএডিৰ চাৰি জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি বড়ো কৰ্মচাৰী সন্থাৰ উদ্যোগত সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবীত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
ইয়াৰে অংশস্বৰূপে আজি কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত বড়ো কৰ্মচাৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীত জিলাখনৰ প্ৰায় দুই সহস্ৰাধিক বড়ো পুৰুষ-মহিলা কৰ্মচাৰীয়ে হাতে হাতে প্লেকাৰ্ড,ফেষ্টুন লৈ "ন বড়োলেণ্ড ন ৰেষ্ট, উই ওৱান্ট বড়োলেণ্ড, জয় বড়ো হাৰিনি জয় " ইত্যাদি শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে৷
আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত এবছু, এনডিএফবি (প্ৰ) আৰু পিজেএচিবিএমৰ প্ৰায় শতাধিক সদস্যও উপস্থিত থাকি বড়ো কৰ্মচাৰী সন্থাৰ আন্দোলন কাৰ্যসূচীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় ৷
ধৰ্ণাত এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, এবছুৰ সম্পাদক খৌৰমদাও ওৱাৰী, এনডিএফবিৰ (প্ৰ) উপসভাপতি বি জাইখলং আৰু পিজিএচিবিএমৰ আহ্বায়ক ইৰাকদাও বসুমতাৰীয়ে অংশগ্ৰহণ কৰে ৷
তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচীৰ অন্তত বড়ো কৰ্মচাৰীসকলে পৃথক বড়ো ৰাজ্যৰ দাবীত দাবী সম্বলিত এক স্মাৰক পত্ৰ কোকৰাঝাৰ জিলা এডিচিৰ যোগেদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ প্ৰেৰণ কৰে। ইয়াৰোপৰি বড়ো কৰ্মচাৰীসকলে বড়োলেণ্ড দাবী পূৰণ নকৰিলে শীঘ্ৰেই চাকৰি এৰি কঠোৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।
উল্লেখ্য যে, স্মাৰকপত্ৰত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ লগতে প্ৰস্তাবিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে বড়ো কৰ্মচাৰী সন্থাই ।