কোকৰাঝাৰঃ বিটিএডিৰ শৈক্ষিক দুৰৱস্থাৰ মাজতে আজি সৰ্বশিক্ষা মিচনৰ অধীনত ১১৩৪ গৰাকী টেট উত্তীৰ্ণক নিযুক্তিপত্ৰ প্ৰদান কৰে বিটিচিৰ শিক্ষা বিভাগে। কোকৰাঝাৰৰ চান্দামাৰিস্থিত গৌৰাং পাৰ্কত থকা বডোফা সাংস্কৃতিক প্ৰকল্পত আজি বিটিচিৰ শিক্ষা বিভাগে আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১১৩৪ গৰাকী টেট উত্তীৰ্ণক আনুষ্ঠানিকভাৱে ঠিকাভিত্তিক নিযুক্তিপত্ৰ প্ৰদান কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে।

বিটিএডিৰ চাৰিওখন জিলাৰ পৰা অহা সহস্ৰাধিক টেটে উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শিক্ষকসকলক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায় । এগৰাকী শিক্ষকক ৰাজনীতিবিদকৈও অধিক সন্মান সমাজে  যাঁচে আৰু পূৰ্বতে শিক্ষকৰ কথামতেহে ৰাইজে ভোটদান কৰিছিল বুলি মন্তব্য কৰি মহিলাৰীয়ে ৰাজনীতিৰ সলনি সুস্থ্য সমাজ গঠন কৰাৰ ক্ষেত্ৰত আগভাগ লবলৈ শিক্ষক-শিক্ষয়িত্ৰীলৈ আহ্বান জনায়।

শিক্ষকৰ সমস্যা, উগ্ৰবাদৰ সমস্যাকে ধৰি বহু সমস্যাই বিদ্যমান যদিও সকলো সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰা উচিত বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে টেট শিক্ষকক পোষ্টিংৰ ক্ষেত্ৰত লটাৰী কৰিবলৈ শিক্ষা বিভাগৰ বিষয়াসকলক আহ্বায় জনায় । প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ঠিকা ভিত্তিক নিযুক্তি লাভ কৰা টেট শিক্ষকলৈ অভিনন্দন জ্ঞাপন কৰি হাগ্ৰামা মহিলাৰীয়ে সকলো শিক্ষককে নিজ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈও আহ্বান জনাইছে।

সৰ্বশিক্ষাৰ জিলা আঁচনি বিষয়া লক্ষ্মন দাসে পৰিচালনা কৰা উক্ত নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত নিযুক্তিপত্ৰ বিতৰণ কৰাৰ পূৰ্বে নিজ ভাষণ প্ৰসংগত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা শিক্ষা বিভাগৰ দায়িত্বত থকা খাম্পা বৰগয়াৰীয়ে ঠিকাভিত্তিক নিযুক্তি লাভ কৰা শিক্ষকসকলক অভিনন্দন জ্ঞাপন কৰি নিজ দায়িত্ব আৰু কৰ্তব্য সূচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছে।

অসম চৰকাৰৰ বিশেষ চাপৰ পৰিণতিতে কেন্দ্ৰই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কিছুদিনৰ বাবে ডিএলইডি বা বিএড বাধ্যতামুলক বিষয়টো সাময়িকভাৱে স্থগিত ৰাখিছে আৰু তাৰেই সুযোগ গ্ৰহন কৰি বিটিচিৰ শিক্ষা বিভাগে সম্পূৰ্ণ নিকা পদ্ধতিৰে আজি ১১৩৪ গৰাকী শিক্ষকক প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ'ল বুলি মন্তব্যৰে খাম্পা বৰগয়াৰীয়ে সমাজ গঠনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিহাৰ্য বুলি মত প্ৰকাশ কৰে । বিটিচিত প্ৰতি বছৰে কমেও ২০০০ শিক্ষকৰ পদ খালী হয় বুলি মত প্ৰকাশ কৰি ঠিকাভিত্তিক শিক্ষকৰ পদসমূহ পৰ্যায়ক্ৰমে নিয়মীয়াকৰণ কৰা হ'ব বুলিও মন্তব্য কৰে খাম্পা বৰগয়াৰীয়ে।

বিটিচিৰ শিক্ষা সঞ্চালক ৰবি শংকৰ বৰগয়াৰীয়ে আদৰণি ভাষণ পাঠ কৰা আজিৰ নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকন, বিটিচিৰ শিক্ষা সচিব ৰবিনচন মুছাহাৰী , বিধায়ক কমলসিং নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰাজীৱ ব্ৰহ্ম , দনেশ্বৰ গয়াৰী, মৃত্যুঞ্জয় নাৰ্জাৰী, জিলা শিক্ষা বিষয়া সুৰেন্দ্ৰ নাথ গয়াৰী, জিলা বিদ্যালয় পৰিদৰ্শক জগদীশ ব্ৰহ্ম, বিদ্যালয় উপ পৰিদৰ্শক ৰাজনাথ বসুমতাৰী, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌমদৌন নাৰ্জাৰী আদিকে ধৰি বিটিএডিৰ চাৰিওখন জিলাৰ শিক্ষা বিষয়া সহিতে আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে আজি ঠিকাভিত্তিক নিযুক্তি পোৱা চাৰিওখন জিলাৰ ভিতৰত কোকৰাঝাৰত সৰ্বাধিক ৫৫৭ গৰাকীয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকত নিযুক্তি পোৱাৰ বিপৰীতে বাগছা জিলাৰ পৰা ৩০৪ গৰাকী ,চিৰাং জিলাৰ পৰা ১০৯ গৰাকী আৰু ওদালগুৰীৰ পৰা সৰ্বনিম্ন ৯৩ গৰাকী টেট উত্তীৰ্ণই নিযুক্তি পত্ৰ লাভ কৰিছে। ইয়াৰে ভিতৰত পুৰুষ ৭৭৮ আৰু মহিলা ৩৫৬ গৰাকীয়ে নিযুক্তি লাভ কৰাৰ বিপৰীতে অসমীয়া আৰু অন্যান্য মাধ্যমত ৮৫৪ আৰু বড়ো মাধ্যমত ২৮০ গৰাকীয়ে নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ।