কোকৰাঝাৰঃ বিটিএডি অঞ্চলত কৰ্মৰত পশু চিকিৎসক সকলক অধিক সক্ৰিয় কৰাৰ স্বাৰ্থত আজি বিটিচি কৰ্তৃপক্ষই চিকিৎসকসকলক একোখনকৈ মটৰ চাইকেল প্ৰদান কৰে৷
চিকিৎসকসকলে গাঁৱৰ ভিতৰলৈ গৈ পশু চিকিৎসা সম্পৰ্কীয় সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিটিচিৰ জিলা আৰু মহকুমা পৰ্য্যায়ৰ দহগৰাকী পশু চিকিৎসকলৈ দহখন মটৰ চাইকেল বিতৰণ কৰা হয়৷
বিটিচিৰ পশু চিকিৎসা আৰু পালন বিভাগৰ মূৰব্বী ড° দিলীপ ডেকাৰ সঞ্চালনাত কোকৰাঝাৰ চহৰৰ তিতাগুৰিস্থিত পশু চিকিৎসা আৰু পালন বিভাগৰ সঞ্চালকৰ কাৰ্য্যালয় চৌহদত আজি আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানযোগে মটৰ চাইকেলসমূহ বিতৰণ কৰে বিভাগীয় কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীয়ে৷
পৰৱৰ্তী সময়ত বিটিএডিৰ আন পশু চিকিৎসক সকলোকো এনে আঁচনিৰ অধীনত মটৰ চাইকেল বিতৰণ কৰা হ'ব বুলি কাৰ্য্যবাহী সদস্যগৰাকীয়ে জানিবলৈ দি পশু চিকিৎসাৰ ক্ষেত্ৰত সূচল সেৱা আগবঢ়াবলৈ পশু চিকিৎসকসকলক আহ্বান জনায়।