ডিজিটেল ডেস্ক,নতুন দিল্লীঃ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধীন্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল চিবিআইৰ সঞ্চালক প্ৰধান আলোক বাৰ্মা।আজি উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানী গ্ৰহন কৰিব।হঠাতে মাজৰাতি তেওঁক ছুটীত পঠিয়াই কেন্দ্ৰই চিবিআইৰ নিচিনা স্বতন্ত্ৰ সংস্থাৰ স্বতন্ত্ৰতাত হস্থক্ষেপ কৰিছে বুলি অভিযোগ কৰি চিবিআইৰ সঞ্চালক প্ৰধান আলোক বাৰ্মাই দেশৰ শীৰ্ষ আদালতত গোচৰ তৰিছে।
আলোক বাৰ্মাৰ গোচৰৰ ওপৰিও আন কেইবাটাও দূৰ্নীতিৰ অভিযোগৰ গোচৰৰ শুনেনিও আজি উচ্চতম ন্যায়ালয়ে গ্ৰপন কৰিব,যিবোৰৰ ভিতৰত ৰাকেশ আস্থানা সহ কেইবাগৰাকীও চিবিআই অধিকাৰীৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ উত্থাপিত পৈছে? মুখ্য ন্যায়্যধীশ ৰঞ্জল গগৈ,ন্যায়্যধীশ এচ.কে.কল আৰু ন্যায়্যধীশ কে.এম.জোচেফৰ ডিভিজন বেঞ্চে এই গোচৰৰ ৰায় দিব।
চিবিআই কাণ্ডৰ বাবে ইতিমধ্যেই নৰেন্দ্ৰমোডী চৰকাৰ বিৰোধীৰ সমালোচনাত থকাসৰকা হৈছে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে অলপতে এখন সংবাদমেলত কৈছিল যে নিজৰ এটা দূৰ্নীতি ঢাকিবলৈ বিজেপি চৰকাৰখনে আন এটা দূৰ্নীতিৰ আশ্ৰয় লৈছে।মুঠৰওপৰত আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।