newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ যুদ্ধ বিৰত চুক্তি উলংঘন কৰিলে পাকিস্তানে৷ শুকুৰবাৰে জম্মু কাশ্মীৰৰ আৰএছপুৰা-আৰ্নিয়া, বিচনয়, চামব্লায়াল আৰু এছএম পুৰা চেক্টৰত পাকিস্তান সেনাই পুনৰ গুলীচালনা কৰাত এজন বিএছএফ জোৱান সহ ৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী সাধাৰণ লোক আৰু সেনা জোৱান আহত হয়৷ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু কাশ্মীৰ ভ্ৰমণ কৰাৰ কথা আছিল৷ মোডীৰ ভ্ৰমণৰ পূৰ্বে পাকিস্তানৰ সেনাই চুক্তি উলংঘন কৰে৷   

বৃহস্পতিবাৰে গভীৰ নিশা পাকিস্তানৰ সেনাই হিৰানগত এলেকাত নিৰ্বিচাৰ গুলীচালনা কৰে৷ ফলত বিএছএফ জোৱান নিহত হয়৷ আনহাতে শুকুৰবাৰে পুৱাই মৃত্যু হয় এজন সেনা জোৱানৰ৷

নিহত জোনৱান জন ঝৰখাণ্ডৰ গিৰিগিৰিৰ কনিষ্টবল সীতাৰাম উপাধ্যায় বুলি জানিব পৰা গৈছে৷ ১৯৯১ চনত জন্মগ্ৰহণ কৰা সীতাৰামে ২০১১ চনত সেনা বাহিনীত যোগাদান কৰাৰ লগতে তিনি বছৰৰ এটি কন্যা সন্তাৰ পিতৃ৷       

আনহাতে গুলীত আহত হয় পিট্টালৰ সীমান্ত চকীত কৰ্তব্যৰত আন এজন সেনা জোৱান৷ তাৰ লগে লগে ঘটনাত ৪গৰাকী সাধাৰণ লোক নিহত হয়৷ কেইবাগৰাকী সাধাৰণ নাগৰিক আহত হৈছে৷ নিহত সাধাৰণ নাগৰিসকল আৰ্নিয়া আৰু আৰএছপুৰাৰ বাসিন্দা৷ পাকিস্তানৰ সেনা যুদ্ধ বিৰত চুক্তি উলংঘন কৰি আৰ্নিয়া, আৰ এছ পুৰা, নাৰায়ণপুৰ, চামব্লায়াল আৰু এছএম পুৰাত নিৰ্বিচাৰ গুলী চলাই গৈছে৷