বোকাজানঃ ধূলি আৰু দুৰ্গন্ধৰ প্ৰকোপত মানুহ ওলাব নোৱাৰা পৰিৱেশ৷ নানা ৰোগত আক্ৰান্ত হৈছে মানুহ৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ৷ ভাৰতীয় বিলাতী মাটি নিগমৰ অন্তৰ্গত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত হৈ থকা ধূলিয়ে বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগত আক্ৰান্ত কৰিছে যদিও আজিও নিমাত প্ৰশাসন৷

স্বাস্থ্য, সা-সম্পত্তি, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বিলাতী মাটি কাৰখানাটোৱে৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত বোকাজানৰ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷

যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাই বোকাজান নগৰস্থিত বিলাতী মাটি কাৰখানৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ সংগঠন দুটাৰ নেতৃত্বই ধূলিৰ বাবে কাৰখানাৰ দাতিকাষৰীয়া অঞ্চল, শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান আদিত মানুহ থাকিব নোৱাৰা হোৱা বুলি অভিযোগ উত্থাপন কৰে৷

চিকিৎসকে ধূলি আৰু প্ৰদূষণৰ বাবে অঞ্চলটোৰ লোকসকলৰ হাওফাওঁৰ ৰোগ, চৰ্মৰোগ, চকুৰ ৰোগ, চুলি সৰা, ডিঙিৰ ৰোগ হোৱা বুলি কোৱাৰ কথাও উল্লেখ কৰে সংগঠনৰ নেতৃত্বই ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বোকাজান সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাই আজি তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা নিৰ্গত হোৱা এই ধূলি প্ৰদূষণ বন্ধ কৰাৰ দাবী জনায়৷

প্ৰতিবাদৰ জৰিয়তে কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰা, বোকাজান বিলাতী মাটি কাৰখানাত থলুৱা শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়া, কাৰখানা কৰ্তৃপক্ষই ৰাজহুৱা স্বাৰ্থ জড়িত উন্নয়নমূলক কামত গুৰুত্ব প্ৰদান কৰা, নিগমৰ উদ্যোগত বোকাজানত এখন উন্নত মানদণ্ডৰ চিকিৎসালয় স্থাপন কৰা, বোকাজান বিলাতী মাটি কাৰখানাৰ স্থবিৰ হৈ পৰা দ্বিতীয় সম্প্ৰসাৰণৰ কাম শীঘ্ৰেই সমাপ্ত কৰা আদি দাবী উত্থাপন কৰে সংগঠন দুটাই৷

আনহাতে দাবীসমূহক লৈ এখন স্মাৰক পত্ৰ বোকাজান মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী, কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষলৈও সমস্যাসমূহ সমাধানৰ দাবীত সুকীয়াকৈ স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে৷