newsnextone.com | গুৱাহাটীঃ সচেতন শিল্পী সমাজে দেওবাৰে গুৱাহাটী মহানগৰীৰ চানমাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেল পথাৰত এখন সজাগতা মূলক শান্তি সভা অনুষ্ঠিত কৰে৷ সুস্থ গণতান্ত্ৰিক ব্যৱস্থা বৰ্তাই ৰখাৰ লগতে দুই শিল্পী অভজিত নাথ আৰু নিলোৎপল দাসৰ হত্যাৰ ন্যায় বিচাৰি অনুষ্ঠিত কৰা সজাগতামূলক শান্তি সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷ 

কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত কাংঠিলাংছত প্রকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ যোৱা দুই শিল্পীক সোপাধৰাৰ সন্দেহত নিৰ্মম ভাৱে হত্যা কৰা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে গুৱাহাটী মহানগৰীত শান্তিৰ পৰিবেশ বৰ্তাই ৰাখিবলৈ সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে দুৰ্ভগীয়া যুৱকৰ আত্মাৰ চিৰ শান্তি কামনাৰ বাবে উপস্থিত লোকসকলে প্ৰাৰ্থনা জনায়। 

সমাজৰ বিভিন্ন প্ৰকাৰ লোক উপস্থিত থাকি মৰ্মান্তিক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ দুস্কৃতিকাৰীয়ে যাতে আইনৰ সুৰুঙাৰে সাৰি নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় প্ৰতিগৰাকী লোকক ইয়াৰ দ্বাৰা সম্প্ৰদায়িক ৰূপ নিদি আৰু ছ’চিয়েল মিডিয়াত বিতৰ্কি মন্তব্য নকৰিবলৈও আহ্বান জনায়। 

সভাত আলোচনাপন্থী আলফা নেতা জিতে দত্তই উপস্থিত থাকি ঘটনাক গৰিহণা দি দোষীত উপয়ুক্ত শাস্তি বিহিবলৈ দাবী জনায়৷ এই হত্যাকাণ্ডই অন্তিম হত্যাকাণ্ডৰ হোৱাৰ কামনা কৰে৷ অপৰাধীৰ কোনো জাতি নাই বুলি কৈ অপৰাধীক উৎসাহ আৰু প্ৰেৰণা জনসাধাৰণে দিয়ে বুলি কয় দত্তই৷ আনহাতে শান্তি সভাৰ জৰিয়তে শ-শ লোকে হত্যাকাণ্ডৰ বিৰুদ্ধে নিজ নিজ মন্তব্য কাগজৰ টুকুৰাত লিখি একত্ৰিত কৰে আৰু সেইবোৰ চৰকাৰক প্ৰেৰণ কৰিব বুলি কয়৷