newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জী হিন্দুত্ববাদী সংগঠন আৰএছএছৰ এক অনুষ্ঠাত আমন্ত্ৰিত হোৱা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষ ভাৱে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ আমন্ত্ৰণ স্বীকাৰ পিছতে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷
ৰাষ্ট্ৰৰ বিৰোধী দল কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই নাগপুৰত অনুষ্ঠিত হ’বলগীয়া আৰএছএছৰ এক অনুষ্ঠানত মুখাৰ্জীয়ে অংশগ্ৰহণ কৰিব বিচৰা সিদ্ধান্ত ধৰ্ম নিৰপেক্ষতাৰ হিতৰ অৰ্থে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷
কেৰেলাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেশ চেত্তিতলাই মুখাৰ্জীলৈ এক পত্ৰ প্ৰেৰণ কৰি আৰএছএছৰ অনুষ্ঠানত অংশ গ্ৰহণ নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ ইফালে পশ্চিম বংগৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ চৌধুৰী আৰু হনুমন্ত ৰাওৱেও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক আৰএছএছৰ দৰে উগ্ৰ হিন্দুত্ববাদী এক সংগঠনৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰাটো উচিত নহয় বুলি মন্তব্য কৰিছে৷
উল্লেখ্য যে, অহা ৭ জুনত নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সংগঠনটোৰ কৰ্মকৰ্তাসকলৰ এক প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীক আমন্ত্ৰণ কৰা হৈছিল৷
আৰএছএছৰ আমন্ত্ৰণৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সংগঠনৰ আমন্ত্ৰণ স্বীকাৰ কৰা বুলি সংগঠনটোৰ এগৰাকী জ্যেষ্ঠ নেতাই জানিবলৈ দিয়ে৷
ইফালে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চাদাম্বৰমে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে যদি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীয়ে সংগঠনটোৰ আমন্ত্ৰণ স্বীকাৰ কৰিছে, তেন্তে তেওঁ অনুষ্ঠানত অংশ লোৱা উচিত৷ কিন্তু মুখাৰ্জীয়ে অনুষ্ঠানত উপস্থিত থাকি সংগঠনটোৰ চিন্তাধাৰাত কি ভুল আছে সেয়া আঙুলিয়াই দিয়ক৷
কেৰেলাৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চেত্তিতলাই অভিযোগ উত্থাপন কৰি কয় যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)এ ধৰ্মৰ ভিত্তিত দেশখন দুটা ভাগত বিভাজন কৰিবলৈ চষ্টা চলাই আছে৷ আৰএছএছ নামৰ সংগঠনটোৱে ৰিম’ৰ্ট কন্ট্ৰলৰ জৰিয়তে দেশৰ চৰকাৰ চলাই আছে বুলিও অভিযোগ কৰে জ্যোষ্ঠ নেতাগৰাকীয়ে৷
চেত্তিতলাই প্ৰাক্তন ৰাষ্ট্ৰপতিলৈ পত্ৰযোগে লিখে, ‘আপুনি এনে এজন ব্যক্তি, যিয়ে আমাৰ দেশৰ প্ৰথম নাগৰিক আৰু ধৰ্মনিৰপেক্ষতা দেশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ মই আপোনাক ৭ জুন, ২০১৮ত আৰএছএছৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে আপুনি গ্ৰহণ কৰা সিদ্ধান্তক ওপৰত পুনৰ বিচাৰ কৰিবলৈ অনুৰোধ জনাইছো৷’
তেওঁ আৰএছএছক সাম্প্ৰদায়িক সংগঠন আখ্যা দি কয় যে আৰএছএছ-এ কেৱল ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত উঠি পৰি লাগিছে৷
ইফালে, পশ্চিম বংগৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ চৌধুৰীয়ে আৰএছএছৰ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ লোৱাৰ সিদ্ধানতত আশ্চৰ্য্য প্ৰকাশ কৰে৷ তেওঁ কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীয়ে সাম্প্ৰদায়িক সংগঠনক লৈ পূৰ্বে কৰা মন্তব্যৰ লগত মুখাৰ্জীয়ে এতিয়া লোৱৈ সিদ্ধান্তৰ মাজত কোনো মিল নাই৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সংগঠনটোৰ অনুষ্ঠানত অংশ ল’ব বিচৰা সিদ্ধান্ত উভটাই লোৱা উচিত বুলিও মন্তব্য কৰে অধীৰ চৌধুৰীয়ে৷