ডিজিটেল ডেস্কঃ একাংশ ৰাজনৈতিক নেতাই নিৰ্বাচনত জয়ী হৈছে কোটি কোটি টকাৰ গৰাকী হয়। বিলাসী গাড়ী, ঘৰ হয় কম দিনৰ ভিতৰতে। কিন্তু দেশত এনেকুৱাও নেতা আছে যিয়ে মুখ্যমন্ত্ৰী হৈয়ো যাৰ বেংক একাউন্টত আছে মাত্ৰ ২,৪১০ টকা৷
সময়ে সময়ে ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ বাসগৃহত কোটি কোটি টকা উদ্ধাৰ হোৱাৰ উপৰি বিভিন্ন দুৰ্নীতিৰ অভিযোগত একাংশ প্ৰাক্তন মুখ্যমন্ত্ৰী জেইলৰ ভাত খাবলগা হোৱাৰ সময়তে ৰাজনীতিৰ সৎ মানুহ ৰূপে পৰিচিত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ একাউন্টত আছে মাথো ২,৪১০ টকা৷ দেশৰ এজন মুখ্যমন্ত্ৰীৰ আৰ্থিক সম্বল হিচাপে হাতত নদগ মাত্ৰ ১,৫২০ টকা আৰু বেংকত আছে ২,৪১০ টকা৷
পাঁচবাৰকৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো দেশৰ আটাইতকৈ দৰিদ্ৰ মুখ্যমন্ত্ৰী হিচাপে আজিও খ্যাত মানিক সৰকাৰ৷ উল্লেখ্য, আগন্তুক ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে ধনপুৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ সম্পত্তিৰ তথ্য পোহৰলৈ অহাত সকলোকে হতচকিত কৰিছে৷ বৰ্তমান মাত্ৰ ৩,৯৩০ টকা আছে মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ৷
তাৰে মাজত হাতত নগদ ১,৫২০ টকা আৰু বেংকৰ একাউন্টত জমা আছে মাত্ৰ ২,৪১০ টকা৷ ষষ্ঠবাৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ৬৯ বছৰীয়া নেতা সৰকাৰে মুখ্যমন্ত্ৰী হিচাপে লাভ কৰা দৰমহা দান দি আহিছে চিপিএমৰ দলীয় পুজিঁত৷ ইয়াৰ বাবদ তেওঁ পায় মাহিলি ৫ হাজাৰ টকা৷
উল্লেখ্য, সৎ আৰু স্বচ্ছ ৰাজনীতিৰ প্ৰতীক হৈ উঠা মানিক সৰকাৰৰ নিজা ম’বাইল ফোনৰ লগতে চছিয়েল মিডিয়াত তথা নিজৰ কোনোধৰনৰ ই-মেইল একাউন্ট নাই৷ ইফালে, মুখ্যমন্ত্ৰী সৰকাৰে পত্নীৰ সৈতে আগৰতলাৰ মুখ্যমন্ত্ৰীৰ আৱাস গৃহত থাকে৷ নিজৰ কোনো গাড়ী নথকাত তেওঁৰ পত্নী পাঞ্চালী ভট্টাচাৰ্যক প্ৰায়ে দেখা যায় ৰিক্সাত ঘুৰা-ফুৰা৷
কিন্তু নিৰাপত্তাৰ খাতিৰত চৰকাৰী বাহনত যাতায়াত কৰিবলগা হয় মুখ্যমন্ত্ৰী মানিকে৷ লক্ষণীয় বিষয় যে, মাণিক সৰকাৰৰ তুলনাত বহুত বছি ধনী তেওঁৰ পত্নী পাঞ্চালী ভট্টাচাৰ্য৷ চৰকাৰী কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত আছে জমা আছে ২০,১৪০ টকা৷ আৰু দুটা বেংক একাউন্টত আছে প্ৰায় ১২ লাখ টকা৷