ডিজিটেল ডেস্কঃ পৃথিৱীৰ ৰং বুজি পোৱা হোৱাই নাই৷ তাইৰ এতিয়া খেলা-ধূলা, ৰং-ধেমালি কৰাৰ সময়৷ তাইৰ যেন বোজা হে কঢ়িযায় ফুৰিছে পৰিয়ালে৷ মাথো ১২ বছৰ বয়সত তাইক বিয়া দিয়ে৷ পৰিয়ালক বিয়া নহ’ও বুলি কৈয়ো মান্তি কৰিব নোৱাৰিলে৷ সকলো পথ বন্ধ হোৱাৰ পিছত বিয়াৰ বাল্য বিবাহৰ পৰা বাছিবলৈ নতুন পথৰ সন্ধান কৰিব আৰম্ভ কৰিলে৷ এগৰাকী মহিলাক সম্বল হিচাপে ললে ১২ বছৰীয়া সুশীলা বিষ্ণুৱে৷

ৰাজস্থানৰ বাৰ্মেৰ জিলাৰ সুশীলা বিষ্ণুক পৰম্পৰা অনুযায়ী ২০১০ চনতে ১২ বছৰ বয়সত বাল্যবিবাহ কৰায়৷ ২০১০ চনত সুশীলা আৰু স্বামীৰ বয়স আছিল ১২ বছৰ৷ ৰাজস্থানত বহু গাঁৱত আজিও এনেদৰে বিয়া হোৱাৰ পৰম্পৰা আছে৷ বাল্যকালতে বিয়া পাতি দি ১৮ বছৰ হোৱাৰ লগে লগে স্বামী তথা শহুৰৰ ঘৰলৈ যাব লগা হয় যুৱতীয়ে৷ পঢ়া-শুনা, সপোণ সকলো আধৰুৱা কৰি সুশীলা বিষ্ণুৰ স্বামীৰ ঘৰলৈ যাব ইচ্ছা নাছিল৷

স্বামীয়ে মদ্যপান কৰে বুলিও তাই অৱগত হয়৷ এদিন সুশিলাই তাইৰ শাহু-শহুৰক জোৰ কৰি তেওলোকৰ ঘৰলৈ মাতি আনিও কয় বিয়াত বহাৰ ইচ্ছা নাই বুলি৷ তাৰ পিছত গোপনে সহায় বিচাৰে স্থানীয় সাৰথি ট্ৰাষ্ট চেয়িৰিটিৰ প্ৰধান কৃতী ভাৰতীৰ৷ কৃতীৰ জৰিয়তে আদালতৰ ওচৰ চাপে সুশীলাই৷ আদালতত গুৰুত্ব লাভ কৰে এই গোচৰটোৱে৷ সুশীলাৰ স্বামীয়ে জেল যোৱাৰ পৰা বাছিবলৈ তথা শাস্তিৰ সন্মুখীন হোৱাৰ ভয়ত আদালতত তেওলোকৰ বিয়া হোৱা নাই বুলি মিছা কথা কয়৷

সাহসী সুশীলাই মোবাইলত ফেচবুক খুলি স্বামীৰ একাউন্টত আপলোড কৰা বিয়াৰ ফটো দেখুৱাই আদালতত প্ৰমাণ কৰে তেওলোকৰ বিয়া হোৱাৰ কথা৷ স্বামীয়ে ফেচবুকত আপলোড কৰা ফটোত বন্ধুসকলে নান ধৰণে বিয়াৰ অভিনন্দন জনোৱাৰ কমেন্টবোৰেও সাক্ষী ৰূপে থিয় সুশীলাৰ সন্মুখত৷ অৱশেষত আদালতত প্ৰমাণ হয় তেওৰ বল্য বিবাহ হোৱাৰ বুলি৷ তাৰ পিছতে বাল্য বিবাহৰ পৰা মুক্ত হয় সুশীলা৷ ১৯ বছৰীয়া সুশীলা এতিয়া পঢ়ি-শুনি জীৱন গঢ়াৰ বাবে ভীষণ ব্যস্ত৷