ডিজিটেল ডেস্কঃ নিয়ন্ত্ৰণহীন হৈ পৰা চীনা মহাকাশ কেন্দ্ৰই এটা যিকোনো মুহুৰ্তত আহি পৃথিৱীক আঘাত কৰিব পাৰে। এই খবৰ প্ৰকাশ কৰিছে ইউৰোপীয়ান স্পেচ এজেন্সীয়ে। এজেন্সীটোৰ জাৰ্মানীস্থিত স্পেচ ডেব্ৰিচ অফিচৰ পৰা সদৰী কৰা মতে চলিত সপ্তাহৰ এক দুই দিনৰ ভিতৰতে টিয়াংগং ১ নামৰ মহাকাশ কেন্দ্ৰটো ভূ-পতিত হ’ব।
দৰাচলতে মহাকাশ কেন্দ্ৰটোৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে চীনৰ। স্পেচ এজেন্সীটোৰ অনুমান মতে ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিলৰ ভিতৰত উত্তৰ গোলাৰ্ধত পতিত হ’ব টিয়াংগং ১। সাম্ভাব্য তাৰিখৰ সালসলনিও ঘটিব পাৰে বুলি এজেন্সীটোৱে সন্দেহ ব্যক্ত কৰিছে।