ডিজিটেল ডেস্কঃ প্রদ্যুমন ঠাকুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ নতুন মোৰ। বাছ কণ্ডাক্টৰ নহয়, স্কুলৰেই একাদশ শ্রেণীৰ ছাত্র এজনে হত্যা কৰিছিল গুৰগাঁৱৰ ৰায়ান ইন্টাৰনেছনেল স্কুলৰ দ্বিতীয় শ্রেণীৰ ছাত্র প্রদ্যুমনক। স্কুলৰ পৰীক্ষা পিছুৱাবৰ বাবে হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। একাদশ শ্ৰেণীৰ ছাত্ৰ জনে এই কাণ্ড ঘটায় বুল দাবী কৰিছে চিবিআইয়ে। মঙলবাৰে নিশা ছাত্রজনক আটক কৰা হয়।

চিবিআইয়ে জানিবলৈ দিয়া মতে, বাছ কণ্ডাক্টৰ অশোক কুমাৰৰ এই হত্যা কাণ্ডৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই। স্কুলৰ চিচিটিভি ফুটেজ দেখি সেই ছাত্রজনৰ ওপৰত সন্দেহ হয় বুলি কয় চিবিআইৰ বিষয়াই। যিটো টয়লেটত প্রদ্যুমনৰ মৃতদেহ পৰি আছিল, সেই টয়লেটৰ পৰাই মনেমনে বাহিৰলৈ ওলাই অহা দেখা যায় ছত্ৰজনক। সোধপোচ কৰাত ১৬ বছৰীয়া ছাত্ৰজনে কিছুদিন পিছতেই স্কুলত পৰীক্ষা আৰু অভিভাৱক-শিক্ষক--সভা আছিল বুলি উল্লেখ কৰে। পৰীক্ষাৰ প্রস্তুতি সঠিকভাবে নোহোৱাত পৰীক্ষা পিছুৱাবৰ বাবে সাত বছৰীয়া প্রদ্যুমনক হত্যা কৰে বুলি কয় চিবিআইয়ে। বুধবাৰে ছাত্ৰজনক জুবেনাইল আদালতত হাজিৰ কৰোৱা হ’ব।

বিগত ৮ চেপ্টেম্বৰত গুৰগাঁওৰ ৰায়ান ইন্টাৰনেশনেল স্কুলৰ দ্বিতীয় শ্রেণীৰ ছাত্র প্রদ্যুমন ঠাকুৰৰ স্কুলৰ টয়লেটত মৃতদেহ উদ্ধাৰ হৈছিল। স্কুলৰ বাছ এখনৰ কণ্ডাক্টৰক হত্যাৰ অভিযোগত গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে।