চৈখোৱা: বিধ্বংসী বানত ক্ষতিগ্ৰস্থ হােৱাত ১৯৯২ ৰ পৰা বন্ধ হৈ আছে তিনিচুকীয়া জিলাৰ চৈখোৱাস্থিত চৈখোৱা দুগ্ধ শীতলীকৰণ কেন্দ্ৰ৷ আশ্চৰ্যজনকভাৱে ২৫ বছৰ পাৰ হোৱাৰ পাছতো চৰকাৰে কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰিবলৈ কোনোধৰণৰ পদক্ষেপ হাতত লোৱা নাই ।
উল্লেখ্য যে দুগ্ধ উৎপাদনত চহকী চৈখোৱাবাসীৰ দুগ্ধ শীতলীকৰণৰ কোনো ধৰণৰ সু-ব্যৱস্থা নথকাৰ ফলত ব্যৱসায়ীসকলে উচিত মূল্য লাভৰ পৰা বহু সময়ত বঞ্চিত হয়। কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ১৯৯২ চনতে বানত ক্ষতিগ্ৰস্থ দুগ্ধ শীতলীকৰণ কেন্দ্ৰটোৰ মূল গৃহটোৰ কাষতে এটা নতুন গৃহ নিৰ্মাণ কৰি কিছু যন্ত্ৰ পাতি আনি স্থাপন কৰিছিল যদিও আজি লৈকে ইয়াক পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই।
বিগত ২৫ বছৰে কাৰ্যক্ষম কৰিবলৈ সক্ষম নোহোৱা দুগ্ধ শীতলীকৰণ কেন্দ্ৰটোৰ সম্প্ৰতি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ।