newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুবাসীক কন্দুৱাই মঙলবাৰে ৬ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে এম কৰুণানিধিয়ে। ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ'ল মঙলবাৰে সন্ধিয়া ৬ বাজি ১০ মিনিটত। কাবেৰী হস্পিতাল কৰ্তৃপক্ষই জাৰি কৰা বিবৃতি যোগে এই কথা স্পষ্ট কৰে।

২৯ জুলাইৰ নিশা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাত গোপালপুৰম স্থিত আবাসৰ পৰা চিকিৎসালয়লৈ অনা হৈছিল তেওঁক ৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা চিকিৎসকৰ এটা দলে তেওঁক স্বাস্থ্য পুনৰ উন্নত কৰাৰ বাবে অহৰহ চেষ্টা কৰিছিল যদিও অৱশেষত বিফল হয় আৰু তেওঁ মৃত্যুক আকোৱালি লয়। এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে হাজাৰ হাজাৰ সমৰ্থকে চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰি আবেগিক হৈ কান্দিবলৈ ধৰে।

ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ মঙলবাৰে হস্পিতালত মৃত্যুক আকোৱালি লোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে ৰাষ্ট্ৰপতি ৰামনাখ কোৱিন্দ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যেৱালাই শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু দেশৰ বাবে ক্ষতি বুলি কয়। আনহাতে বুধবাৰে চেন্নাইলৈ গৈ অন্তিম যাত্ৰাত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে।

২৯ জুলাইৰ নিশা ক্ৰমান্বয়ে স্বাস্থ্যৰ অৱনতি ঘটাত গোপালপুৰম স্থিত আবাসৰ পৰা চিকিৎসালয়লৈ অনা হৈছিল তেওঁক৷ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছৰে পৰা হাজাৰ হাজাৰ সমৰ্থকে চিকিৎসালয়ৰ সন্মুখত ভিৰ কৰে৷ আবেগিক হৈ পৰে সমৰ্থক৷ 

১৯৯৮ চনত কৰুণানিধিৰ দল দ্ৰাবিড় মুনেত্ত কণগমে বিপি সিঙৰ মিত্ৰজোঁটৰ চৰকাৰত চামিল হৈছিল৷ ইয়াৰ পিছত বিজেপি, কংগ্ৰেছৰ সৈতে লগলাগি চৰকাৰ গঠন কৰাৰ লগতে তৃতীয় মৰ্চা পৰ্যন্ত গঠন কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰ গঠন কৰাত কেইবাবাৰো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ১৯২৪ চনৰ ৩ জন্মগ্ৰহণ কৰা কৰুণানিধিয়ে৷ তেওঁ প্ৰথমবাৰ তামিলনাডুৰ ১৯৬৯ চনত মুখ্যমন্ত্ৰী হৈছিল৷ ২০০৬ চনলৈ পঞ্চমবাৰলৈ মুখ্যমন্ত্ৰী হৈছিল৷