ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু শেহতীয়া ঘটনাক্ৰমক লৈ কংগ্ৰেছ দলে এখন সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলৰ জৰিয়তে কংগ্ৰেছে তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ বিজেপিক উদ্দেশ্যি কয়, কেন্দ্ৰীয় শাসিত দলটোৱে যিকোনো মাধ্যম তথা বিনিময়ৰ জৰিয়তে উত্তৰ-পূবৰ ৰাজ্যকেইখনত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি সন্দেহ প্ৰকাশ কৰে। বিজেপি দলৰ এই বিজয়ত প্ৰত্যেকজন ভাৰতীয়ই চিন্তিত হৈ পৰিছে বুলিও কয়৷

দলটোৱে ইয়াকো উত্থাপন কৰে যে, বৰ্তমান পূৰ্বোত্তৰ ৰাজ্যকেইখন অস্থিৰতাৰ ফালে গতি কৰা নাইনে? বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে শোচনীয়ভাৱে ধৰাশায়ী হোৱাৰ পিছত দলৰ মুখ্য প্ৰবক্তা ৰণদীপ সুৰজেবালাই কয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ জনতাক ধন্যবাদ জনাইছোঁ৷ ৰাজ্যকেইখনে বৰ্তমান নতুন চৰকাৰে শান্তি, প্ৰগতি, সম্প্ৰীতি আৰু বিকাশৰ বাবে প্ৰস্তুত কৰিব লগা কাৰ্যক্ৰমণিকাৰ জৰিয়তে আগুৱাই যাব৷

লগতে তেওঁ কয়, আমি আশা কৰিছোঁ যে নতুন চৰকাৰখনে নৱপ্ৰজন্মৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত প্ৰাথমিকতা প্ৰদান কৰিব৷ উল্লেখ্য যে, উত্তৰ-পূবৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত ত্ৰিপুৰা আৰু নাগালেণ্ডত কংগ্ৰেছ দলে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷

আনহাতে মেঘালয়ত দলটোৱে ২১খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও কংগ্ৰেছে ৰাজ্যখনত চৰকাৰ গঠন কৰিব নোৱাৰে৷ কিয়নো এনপিপি দলে বিজেপি দলৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰিব বুলি জানিব পৰা গৈছে৷ ইয়াৰ লগতে মেঘালয়ৰ ৰাজ্যপাল গংগাপ্ৰসাদে এনপিপিৰ নেতা কনৰাড কে চাংমাক নৱ চৰকাৰ গঠনৰ বাবে নায্যতা প্ৰদান কৰিছে৷