twitter-inc
twitter-inc

গুৱাহাটীঃ অৱশেষত সাৰ পালে অসমৰ বিৰোধী ৰাজনৈতিক দলে৷ যোৱা কেইটামান দিনৰ ভিতৰতে বৰাক উপত্যকা আৰু মধ্য অসম সহ ৰাজ্য খনত কেইবাটাও নাৰী নিৰ্যাতন আৰু ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল যদিও নাৰী সুৰক্ষা আৰু ৰাজ্যখনৰ লোকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত একো কোৱা নাছিল বিৰোধী দলে৷ 

বিশেষকৈ কংগ্ৰেছ দল তথা কংগ্ৰেছৰ ভাতৃ সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা নাই৷ যাৰ ফলত সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে কংগ্ৰেছ দল৷ তাৰ পিছতেই সোমবাৰে পুৱাই বিধান সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কে হাতে বাতে প্লেকাৰ্ড লৈ অসম বিধান সভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে৷
 
ৰাজ্যজুৰি উত্তাল পৰিস্থিতি সৃষ্টি হৈ থকাৰ সময়তে কংগ্ৰেছৰ বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰো দাবী জনায় কংগ্ৰেছে। আইন-শৃংখলা ৰক্ষাত ৰাজ্য চৰকাৰ সম্পূৰ্ণ বিফল বুলি কৈ ফাষ্ট ট্ৰেক আদালতত ধৰ্ষণ কাণ্ডৰ বিচাৰ কৰাৰ দাবী জনায় কংগ্ৰেছে৷

আনহাতে ২৪ মে’ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই টুইট কৰি ‘বেটী বচাও বেটী পঢ়াও’ শ্ল’হান দি ৰাজ্য চৰকাৰক বিফল আখ্যা দিছিল৷