ডিজিটেল ডেস্কঃ গুণা-গথাৰ অন্তত স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ডঃ মনমোহন সিঙে। সৰ্বশেষত জি এছ টিৰ ঘোষণা উপলক্ষে আয়োজিত সবাহ বৰ্জনৰে মনস্থ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী এম এম এছে।

আনহাতে চৰকাৰে অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই প্ৰেৰণ কৰা পত্ৰত ভুল ধৰিছে কংগ্ৰেছে। অভিমান ব্যক্ত কৰি দলটোৱে ঘোষণা কৰিছে সন্মিলন বৰ্জনৰ কথা।

৩০ নৱেম্বৰৰ মধ্যৰাত্ৰি সংসদৰ চেণ্ট্ৰেল হলৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব জি এছ টিৰ কাৰ্যকৰীকৰণ। এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াকো। তেওঁ চৰকাৰৰ আমন্ত্ৰণ ৰক্ষা কৰিব।

কিন্তু দলৰ সিদ্ধান্তৰ বাবে উপস্থিত নাথাকিব মনমোহন সিং। তদুপৰি বি এছ পি, তৃণমূল কংগ্ৰেছেও নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছে। কংগ্ৰেছৰ মতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি।

গতিকে সাংবিধানিক মুৰব্বীক চেৰ পেলাই প্ৰাধানমন্ত্ৰীয়ে জি এছ টিৰ ঘোষণা কৰাটো অনৈতিক। এই যুক্তিৰে অভিমানী কংগ্ৰেছ নেতৃত্বই অগ্ৰাহ্য কৰিছে চৰকাৰৰ নিমন্ত্ৰণ।