source-internet
source-internet

newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত এনপিপি, ইউডিপি, বিজেপি আৰু এনএইচপিডিপিৰ চৰকাৰ চলি থকাৰ মাজতে উপ-নিৰ্বাচনত কংগ্ৰেছে শেষ হাঁহি মাৰে।

বিজেপি দল শাসনাধিষ্ঠিত হৈ থকাৰ সময়তে চমক দেখুৱাবলৈ সক্ষম হ’ল কংগ্ৰেছেও৷ মেঘালয়ৰ ৫৩ নং আমপাটি সমষ্টিত অনুষ্ঠিত হৈ যোৱা বিধানসভা উপ নিৰ্বাচনৰ বৃহস্পতিবাৰে ফলাফল ঘোষণাত কংগ্ৰেছে সমষ্টিটোত বিজয় সাব্যস্ত কৰে৷ 

মেঘালয়ৰ ৬০ টা সমষ্টিৰ ভিতৰত ৫৩ নং আমপাটি সমষ্টি অন্যতম৷ ২০১৩ চনত সমষ্টিতো কংগ্ৰেছৰ দখললৈ অহাৰ পিছত পুনৰ ২০১৮ৰ নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছে নিজৰ দখললৈ আনিবলৈ সক্ষম হয়৷

২০১৮ৰ বিধানসভা নিৰ্বাচনত সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ জীয়াৰী মিয়ানী ডি চিৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছিল৷

মিয়ানী ডি চিৰাই সমষ্টিটোৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈ এনপিপিৰ প্ৰাৰ্থী চি জি মমিনক ৩১৯১ টা ভোটত পৰাস্ত কৰি জয়লাভ কৰে৷

ৰাজ্যখনত মিত্ৰ বন্ধনেৰে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেও আমপাটি সমষ্টিত দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছৰ বিজয়ে ৰাজ্যখনত যে এতিয়াও কংগ্ৰেছৰ ভেটি খহি পৰি নাই, সেয়া প্ৰমাণ কৰিছে৷ 

উল্লেখ্য যেবৰ্তমান ৩৪ বিধায়কৰ সমৰ্থন লাভ কৰি কনৰাড চাংমাই মুখ্যমন্ত্ৰী হৈ আছে৷ এনপিপি ১৯, বিজেপি ২, এইচএছডিপি ৪ আৰু ১ দন নিৰ্দলীয়ৰ সমৰ্থন লাভ কৰি কনৰাড চাংমা মুখ্যমন্ত্ৰী হিচাপে শপত লব৷ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পিএ চাংমাৰ পুত্ৰ কনৰাড চাংমা। যুৱনেতা মেঘালয়ত মুখ্যমন্ত্ৰী পদৰ লাভ কৰে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ পৰা।