যোৰহাটঃ আজি কিমান তাৰিখ? এই প্ৰশ্নৰ উত্তৰত সকলোৱে তপৰাই ক’ব '৩০ জুলাই’। কিন্তু যদিহে সোধা হয় যে অসমীয়া কেলেণ্ডাৰমতে আজি কেই তাৰিখ? তেতিয়া আপুনি তাৰ উত্তৰ দিব নোৱৰাৰ সম্ভাৱনাই অধিক। ইংৰাজী কেলেণ্ডাৰ অনুযায়ী জীৱন নিৰ্বাহত অভ্যস্ত আমি প্ৰতিজন অসমীয়াই এতিয়া অসমীয়া তাৰিখ প্ৰায় নাজানো বুলিয়েই ক’ব পাৰি।
অসমীয়া তাৰিখলৈ তেতিয়াই মনত পৰে যেতিয়া ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিবলগীয়া হয়। বিয়া-বাৰু, আদ্যশ্ৰাদ্ধ, নামাকৰণ আদি কাৰণত মুষ্টিমেয় একাংশ লোকৰ বাদে সৰহসংখ্যকেই সম্প্ৰতি অসমীয়া তাৰিখক সম্পূৰ্ণ এলাগী কৰা দেখা গৈছে। এসময়ত ঘৰে ঘৰে বৰকটকী কোম্পানী অথবা দত্তবৰুৱা কোম্পানীৰ কেলেণ্ডাৰ আছিল যদিও হাতে হাতে স্মাৰ্টফোন হৈ পৰাত ছপা কেলেণ্ডাৰ চোৱাৰ অভ্যাসো নাইকিয়া হৈ পৰে।
এনে পৰিপ্ৰেক্ষিতত একান্তই প্ৰয়োজনত অসমীয়া তাৰিখ চাবলৈ বহুতেই নতুনকৈ পঞ্জিকা বা কেলেণ্ডাৰ কিনি আনিবলগীয়া হৈছে। পঞ্জিকা বা কেলেণ্ডাৰ কিনি অনাৰ পৰিৱৰ্তে কিছুমানে আকৌ অসমীয়া বাতৰি কাকতকেইখনৰ শিৰোনামৰ তলত প্ৰকাশ পোৱা অসমীয়া তাৰিখৰ পৰা সেয়া জানি ল’বলৈ চেষ্টা কৰে। কিন্তু এনেকৈ আৰু কিমান দিন? অসমীয়া মাহ-তাৰিখক সম্পূৰ্ণৰূপে এলাগী কৰি ফেচবুকত অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ কথা ক’লেই সেয়া ৰক্ষা হোৱাৰ সম্ভাৱনাই বা কিমান?
এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়েই নতুন প্ৰজন্ময়ো যাতে অসমীয়া মাহ-তাৰিখ, তিথি আদিৰ বিষয়ে হাতত থকা স্মাৰ্টফোনটোৰ জৰিয়তেই জানিব পাৰে তাৰ ব্যৱস্থা কৰিছে অসমীয়া কেলেণ্ডাৰৰ ইতিহাসৰ সৈতে জড়িত যোৰহাটৰ 'বৰকটকী কোম্পানীয়ে’। এই অনুযায়ী ১৮৯৮ চনৰ পৰা ৰাইজৰ সেৱা কৰি অহা বৰকটকী কোম্পানীয়ে কৰ’না কালৰ মাজতে মুকলি কৰিছে ইতিহাস প্ৰসিদ্ধ তথা অসমৰ লক্ষ লক্ষ লোকৰ স্মৃতি বিজড়িত বৰকটকী কেলেণ্ডাৰৰ মোবাইল এপ। উক্ত এপ ডাউনলোড কৰাৰ পিছত আপোনাক যদি আজি অসমীয়াৰ কেই তাৰিখ বুলি সোধা হয় তেতিয়া আপুনিও মোবাইলটো চায়েই ক’ব পাৰিব যে আজি শাওণ মাহৰ ১৪ তাৰিখ।
বৰকটকী কোম্পানীৰ পৰিচালন সঞ্চালক জয়ন্ত শৰ্মাই News Next Oneক জনোৱা মতে যুগৰ সৈতে মিলি চলিবলৈ কৰ’না কালৰ পূৰ্বেই কেলেণ্ডাৰখনৰ ডিজিটেল সংস্কৰণ মুকলি কৰাৰ যো-জা চলোৱা হৈছিল যদিও বিভিন্ন কাৰণত সেয়া হৈ উঠা নাছিল। কিন্তু কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাত অসমীয়া নৱবৰ্ষ অৰ্থাৎ বহাগ মাহত ছপা কেলেণ্ডাৰ বিক্ৰী কৰাতো অসম্ভৱ হৈ পৰাত ডিজিটেল সংস্কৰণ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
'আমি আমাৰ ছপা কেলেণ্ডাৰখনক বৰকটকী দেৱাল পঞ্জিকা বুলি কও। কেলেণ্ডাৰৰ লগতে প্ৰতিটো বহাগত আমি পঞ্জিকাও প্ৰকাশ কৰো। কিন্তু এইবাৰ লকডাউনৰ বাবে সেয়া সম্ভৱ নোহোৱাত ডিজিটেল সংস্কৰণ মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰো। এইটো কথা আমি আগতেই ভাবিছিলো যদিও কৰা হোৱা নাছিল। কৰ’নাৰ বাবে কামটো আমি সেয়া কৰিবলৈ বাধ্য হৈ পৰো। ডিজিটেল যুগত যাতে সকলোৱে হাতৰ মোবাইল ফোনতে কেলেণ্ডাৰখন চাব পাৰে তাৰ বাবে আমি এপ মুকলি কৰো।’- যোৱা ৭ মে’ত কেলেণ্ডাৰখনৰ এণ্ড্ৰইড মোবাইল এপ প্লেষ্ট’ৰত মুকলি কৰা হৈছে বুলি সদৰী কৰি এইদৰে কয় কোম্পানীটোৰ পৰিচালন সঞ্চালক শৰ্মাই।
অহা এসপ্তাহৰ ভিতৰত ৱেবছাইটযোগেও কেলেণ্ডাৰখন চাব পৰাৰ ব্যৱস্থা কৰি থকা হৈছে বুলিও জানিবলৈ দিছে পৰিচালন সঞ্চালকগৰাকীয়ে। লগতে আগন্তুক বৰ্ষত কেলেণ্ডাৰখন যাতে আই ফোন ব্যৱহাৰকাৰীসকলেও ডাউনলোড কৰিব পাৰে তাৰ বাবে এপবিধৰ আইঅএছ সংস্কৰণো মুকলি কৰাৰ কথা সদৰী কৰে শৰ্মাই। 'এইবাৰ লকডাউনৰ বাবে কামবোৰ যথেষ্ট বাধাৰ মাজেৰে সম্পন্ন কৰিবলগীয়া হ’ল। সেয়ে এইবাৰ আইঅ’এছ সংস্কৰণ মুকলি কৰিব পৰা নগ’ল। কিন্তু অহাবাৰ সেয়া হৈ উঠিব। লগতে অহা এসপ্তাহৰ ভিতৰত বেৱছাইটত কেলেণ্ডাৰখন চাব পৰা হৈ উঠিব।’-শৰ্মাই কয়।
৫১ টকাত জানক ৩৬৫ দিনৰ সবিশেষ
মোবাইলত গুগল প্লেষ্ট’ৰ অপেন কৰি Barkataki Dewal Panjika বুলি টাইপ কৰিলেই ১২৮ বছৰীয়া কেলেণ্ডাৰখনৰ এপবিধ লাভ কৰিব পৰা যাব। তাত ইনষ্টল অপশ্যনত ক্লিক কৰিলেই কেলেণ্ডাৰখন আপোনাৰ ফোনত ইনষ্টল হ’ব। ইনষ্টল হোৱাৰ পিছত আপুনি অনলাইনযোগে ৫১ টকা পৰিশোধ কৰাৰ পিছতে কেলেণ্ডাৰখন এবছৰৰ বাবে ব্যৱহাৰ কৰাতো সম্ভৱ হৈ উঠিব।
প্লেষ্ট’ৰত মুকলি কৰাৰ পিছৰে পৰা এতিয়ালৈকে যোৱা প্ৰায় ৩ মাহত ১লাখ ৭০ হাজাৰৰো অধিক লোকে কেলেণ্ডাৰখন ডাউনলোড কৰিছে বুলি জনাইছে বৰকটকী কোম্পানীৰ পৰিচালন সঞ্চালক শৰ্মাই। 'আমি আশা কৰা ধৰণেই সঁহাৰি পাইছো। বিদেশত বাস কৰা বহু অসমীয়া লোকে কেলেণ্ডাৰখন মোবাইলতে পাই বহুত ভালপোৱা বুলি আমাক জনাইছে। ছপা কেলেণ্ডাৰ যিমান বিক্ৰী হয় তাৰ তুলনাত এই সংখ্যা যথেষ্ট কম যদিও অনাগত দিনত এই পৰিমাণ অধিক বৃদ্ধি পাব বুলি আশা কৰিছো।’-শৰ্মাই কয়।
তেওঁ আৰু কয়, 'আমাৰ কোম্পানীটো কেলেণ্ডাৰৰ বাবেই জনাজাত। কেলেণ্ডাৰখনেই আমাৰ মূল। অৱশ্যে আমাৰ কেলেণ্ডাৰখন কেৱল মাত্ৰ তাৰিখ চোৱা কেলেণ্ডাৰ নহয়। ইয়াত তিথি, নক্ষত্ৰ, সূৰ্যোদয়-সূৰ্যাস্তৰ পৰা আৰম্ভ কৰি কোনটো দিন কি কামৰ বাবে শুভ সেই সকলোবোৰ চাব পৰা যায়। এই সমগ্ৰ প্ৰক্ৰিয়াত যথেষ্ট শ্ৰম নিহিত হৈ থাকে। সেয়ে এপটো বিনামূলীয়াকৈ দিয়াটো আমাৰ পক্ষে সম্ভৱ নহয়।’
নতুন প্ৰজন্মক অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰাৰ প্ৰয়াস
অসমীয়া কেলেণ্ডাৰখনৰ ডিজিটেল সংস্কৰণ মুকলি কৰাৰ ফলত নতুন প্ৰজন্মৰ মাজত ইংৰাজী তাৰিখৰ লগতে অসমীয়া তাৰিখো জনপ্ৰিয় হৈ পৰিব বুলি আশাবাদী বৰকটকী কোম্পানী। মোবাইলত এটা ক্লিকতে অসমীয়া তাৰিখ তথা অসমীয়া পৰম্পৰাৰ সৈতে জড়িত বিভিন্ন কথা জানিবলৈ পালে নতুন প্ৰজন্মই ইয়াক আকোৱালি লোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰিছে কোম্পানীটোৰ কৰ্ম-কৰ্তাসকলে।
'অসমীয়া ভাষা-সংস্কৃতি তথা পৰম্পৰা ৰক্ষা কৰাৰ কথা কেৱল যাতে ছ’চিয়েল মিডিয়াতে সীমাৱদ্ধ হৈ থাকিবলগীয়া নহয় তাৰ বাবে প্ৰতিজন অসমীয়াই হাতে-কামে লগাতো অতি প্ৰয়োজনীয়। বিশেষকৈ নতুন প্ৰজন্মক আমি এই কথাবোৰ জনাব লাগিব। আমি দেখিছো যে বৰ্তমান আমাৰ ল’ৰা-ছোৱালীসকলৰ বহুতেই অসমীয়া মাহৰ নাম ভালকৈ নাজানে। গতিকে আমি আমাৰ সাধ্যানুযায়ী কেলেণ্ডাৰখনৰ জৰিয়তেই এই কাম আৰম্ভ কৰিছো। কেলেণ্ডাৰখন মোবাইলতে উপলব্ধ হ’লে নতুন প্ৰজন্মই ইংৰাজী তাৰিখৰ লগতে অসমীয়া তাৰিখো সহজতে চাব পাৰিব।’-শৰ্মাৰ আশাবাদী মন্তব্য।
১২২ বছৰীয়া বৰকটকী কোম্পানী
বৰকটকী কোম্পানীৰ আৰম্ভ হৈছিল ১৮৯৮ চনত। তেতিয়া অসমত কিতাপ ছপা কৰাৰ কোনো ব্যৱস্থা নাছিল। সেয়ে কলকাতাত ছপা কৰি অসমলৈ অনা হৈছিল। আৰম্ভণিতে পঞ্জিকাহে প্ৰকাশ কৰা হৈছিল। ১৯২৮ চন মানত পঞ্জিকাৰ লগতে কেলেণ্ডাৰ ছপা কৰিবলৈ আৰম্ভ কৰে বৰকটকী কোম্পানীয়ে। এই ছপা কেলেণ্ডাৰখনত পঞ্জিকা এখনত থকা প্ৰায় সকলোবোৰ সন্নবিষ্ট কৰা হয়। সেয়ে কেলেণ্ডাৰখনক দেৱাল পঞ্জিকা বুলিও কোৱা হয়।
দেৱালত ওলমাই ৰাখিব পৰা এই দেৱাল পঞ্জিকা বা কেলেণ্ডাৰখন অতি কম সময়ৰ ভিতৰত উজনি অসমৰ লগতে সমগ্ৰ অসমতে জনপ্ৰিয় হৈ পৰে। কেৱল জনপ্ৰিয় হৈ পৰাই নহয় যোৱা প্ৰায় ৯২ বছৰ ধৰি ই লক্ষ লক্ষ লোকৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হোৱাৰ লগতে বহুতৰ বাবে আৱেগ আৰু স্মৃতিও হৈ পৰিছে।
'আমাৰ আজোককা গৌৰীচৰণ বৰকটকীয়ে এয়া আৰম্ভ কৰিছিল। অসমত তেতিয়া ছপাশাল নথকা বাবে যথেষ্ট সমস্যা হৈছিল। সেয়ে পিছত ছপাশাল এটিও স্থাপন কৰা হয়। এনেকৈয়ে আজোককাৰ পিছত পৰ্যায়ক্ৰমে পৰৱৰ্তী প্ৰজন্মই কেলেণ্ডাৰ আৰু পঞ্জিকাখনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে। আমি বৰকটকী পৰিয়ালৰ চতুৰ্থ প্ৰজন্ম। আমাৰ বাবে কেলেণ্ডাৰখন আৱেগ। কেলেণ্ডাৰখনক লৈ আমি সপোন দেখো। সেয়ে যুগৰ সৈতে খাপ খাব পৰাকৈ আমি ডিজিটেল সংস্কৰণ মুকলি কৰিছো।’-অনাগত দিনটো অসমবাসীৰ চিনাকি বৰকটকী কেলেণ্ডাৰ সকলোৰে আপোন হৈ থাকিব বুলি আশা কৰি এইদৰে কয় পৰিচালন সঞ্চালক শৰ্মাই।
উল্লেখ্য যে, বৰ্তমান বৰকটকী কোম্পানীৰ যোৰহাটস্থিত মুখ্য কাৰ্যালয়ত পঞ্জিকা আৰু কেলেণ্ডাৰখনৰ লগতে কিতাপো ছপা কৰা হয়। প্ৰায় কুৰিজন কৰ্মচাৰী থকা কোম্পানীটোৰ সৈতে পৰোক্ষভাৱে আৰু বহু লোকৰ জীৱন-জীৱিকা জড়িত হৈ আছে। কিন্তু কৰ’না কালত লকডাউনৰ পৰিপ্ৰেক্ষিতত বাকী প্ৰতিষ্ঠানসমূহৰ দৰেকৈ ১০০ বছৰ গৰকা বৰকটকী কোম্পানীয়েও সংগ্ৰাম কৰিবলৈ বাধ্য হৈ পৰিছে। কৰ’না কালৰ এই প্ৰতিকূল পৰিৱেশতো যাতে মূৰ দাঙি থিয় হৈ থাকিব পাৰে তাৰ বাবে কোম্পানীটোৱে যুগৰ লগত নিজকে খাপ খুৱাই ডিজিটেল জগতখনতো ভৰি থৈ নিজক সবল কৰি তোলাৰ লগতে অসমীয়া ভাষা-সংস্কৃতি তথা পৰম্পৰাকো নতুন জীয়াই ৰখাৰ পণ গ্ৰহণ কৰিছে।
'প্লেষ্ট’ৰত বাংলা কেলেণ্ডাৰৰ বহুত এপ পাব। অসমীয়া কেলেণ্ডাৰৰো হয়তো দুই-এটা এপ আছে। কিন্তু সেয়া সম্পূৰ্ণৰূপে অসমীয়া নহয়। তাত তাৰিখৰ বাদে সবিশেষ নাই। সেই হিচাপত আমাৰ এপটোক পূৰ্ণাংগ অসমীয়া কেলেণ্ডাৰৰ প্ৰথমটো এপ বুলিব পাৰি। আশা কৰিছো অসমবাসী ৰাইজে আমাৰ এই প্ৰচেষ্টাক আদৰি ল’ব।-আশাবাদী পৰিচালন সঞ্চালকৰ মন্তব্য।