@PemaKhanduBJP-Photo Credit-Twitter
@PemaKhanduBJP-Photo Credit-Twitter

ডিজিটেল ডেস্কঃ এদিনতে উত্তৰ পূৰ্বাঞ্চলত বৃদ্ধি হ’ল কোটি পতিৰ সংখ্যা৷ ভাৰতবৰ্ষত দ্ৰুতগতিত কোটিপতিৰ সংখ্যা বাঢ়িছে যদিও কৰ্পৰেট গোষ্ঠীৰ বিপৰীতে এইবাৰ কোটি হ’ল গাঁৱৰ সাধাৰণ লোক৷ বুধবাৰে একেলগে ৩১ জন কোটিপতি হয় উত্তৰ পূৰ্বাঞ্চলত৷

আমোদজনক কথা এইয়ে যে এই কোটিপতিসকল একেখন গাঁৱৰে বাসিন্দা৷ অৰুণাচল প্ৰদেশৰ তবাংগ জিলাৰ অন্তৰ্গত বোমজা গাঁৱৰ সেনাই অধিগ্ৰহণ কৰা ভূমিৰ বিনিময়ত চৰকাৰে প্ৰদান কৰা জিৰাতৰ ধন লাভ কৰি কোটি হয় এখন গাঁৱৰ লোক৷

সেনাই অধিগ্ৰহণ কৰা মাটিৰ জিৰাতৰ মূল্য কৰাৰ পিছতেই হাতলৈ চেক অহাৰ পিছতেই কোটিপতি হয় একো একোগাৰকী লোক৷ গাঁও খনত বাস কৰা লোকসকলক জিৰাতৰ ধন বিতৰণ কৰে মুখ্যমন্ত্ৰী পেমা খান্দুৱে৷ অৰুণাচল প্ৰদেশ চৰকাৰৰ এক (http://www.arunachalpradesh.gov.in) ৱেৱচাইটৰ জৰিয়তে মুখ্যমন্ত্ৰী পেমা খান্দুৱে উল্লেখ কৰা মতে, তেওৰ সমষ্টিৰ লৌউ গাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত ৩১ জন মানুহক ২০০.০৫৬ একৰ মাটিৰ বাবে জিৰাতৰ বাবাদ ৪০,৮০,৩৮,৪০০ টকাৰ চেক বিতৰণ কৰা হয়৷

জিৰাতৰ ধনৰ বাবে বিতৰণ কৰা চেক সমূহৰ ভিতৰত সৰ্বোচ্চ টকাৰ পৰিমাণ আছিল ৬,৭৩,২৯,৯২৫ টকা৷ দ্বিতীয় সৰ্বোচ্চ চেকখন আছিল ২,৪৪,৯৭,৮৮৬ টকা৷  ইয়াৰে ২৯ জন লোকক ১,০৯,০৩,৮১৩ টকাৰ চেক বিতৰণ কৰা হয়৷ অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে, প্ৰতাৰিত মাটিৰগৰাকীক কেন্দ্ৰীয় চৰকাৰে দীৰ্ঘদিনৰ মূৰত জিৰাতৰ ধন মোকলাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷

লগতে কয়, অন্য ভূমি অধিগ্ৰহণৰ বাবদ জিৰাতৰ ধনসমূহো মোকলাই দিবৰ বাবেও কেন্দ্ৰৰ সৈতে আলোচনাত মিলিত হ’ব৷ পেমা খান্দুৱে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এতিয়া ৰাজ্য সুকলমে চলি আছে৷ তেওঁ আৰু কয় যে, কেন্দ্ৰৰ সহযোগিতাত অৰুণাচলে দ্ৰুতগতিত বিকাশ লাভ কৰিছে৷ ৰে’ল, উৰাজাহাজ, ডিজিটেল তথা পথ সংযোগৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে৷ লগতে ইয়াকো জনায় যে, অতি শীঘ্ৰেই তবাংগ জিলাত ৰে’ল পথৰ সংযোগ ঘটোৱা হ’ব৷