ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বিলোপ কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ প্ৰস্তাৱ লাভ কৰা নাই৷ এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী হংসৰাজ গংগাৰাম অহিৰে৷
মঙলবাৰে লোকসভাত উত্থাপিত এক লিখিত প্ৰশ্নৰ উত্তৰত হংসৰাজে কয়, ‘চৰকাৰৰ ওচৰত বৰ্তমান সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বিলোপ কৰাকলৈ কোনো ধৰণৰ প্ৰস্তাৱ লোৱা হোৱা নাই৷’
উল্লেখ্য যে ১৯৫৪ চনত ৰাষ্ট্ৰপতিৰ আদেশত সংবিধানত ৩৭০ নং অনুচ্ছেদ সংযোজন কৰা হৈছিল৷ এই অনুচ্ছেদৰ ভিত্তিতেই জম্মু আৰু কাশ্মীৰক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল৷ ইয়াৰ লগতে ৰাজ্যৰ বিধানসভাতো বিভিন্ন আইন প্ৰণয়ন কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছিল এই অনুচ্ছেদৰ জৰিয়তে৷
আনহাতে এই অনুচ্ছেদৰ বাবেই জম্মু-কাশ্মীৰৰ বাদে বাকী ভাৰতীয় নাগৰিকে স্থাৱৰ-অস্থাৱৰ সম্পত্তি কিনা-বেচা কৰা, চৰকাৰী চাকৰি লাভ কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলে জলপানি পোৱাৰ বঞ্চিত হ’ব লগা হৈছিল৷
স্মতৰ্ব্য যে বিজেপিৰ ইস্তাহাৰত ৩৭০ নং অনুচ্ছেদ বিলুপ্তি ঘটোৱাৰ কথা অন্তৰ্ভুক্তি হৈ আছে৷ কিন্তু জম্মু-কাশ্মীৰত পি ডি পিৰ সৈতে বিজেপিয়ে মিত্ৰজোঁট চৰকাৰ চলাই অহাৰ হেতু এই বিষয়টোৰ সন্দৰ্ভত নিশ্চুপ হৈ আছে বুলি জানিব পৰা গৈছে৷