ডিজিটেল ডেস্কঃ এসময়ৰ দুৰ্ধৰ্ষ ডনৰ মন বৰ বেয়া৷ যিজন মাফিয়া ডন ইন্টাৰপলৰ মষ্ট ৱান্টেড তালিকাত অন্তৰ্ভুক্ত, ৯৩-ৰ মুম্বাই বিস্ফোৰণৰ মুল অভিযুক্ত সেইজন মানুহৰ বৰ্তমানে অন্তৰত দুখ৷ অৱশ্যে কাৰণ নিত্যান্তই পাৰিবাৰিক৷
জানিবলৈ পোৱা মতে, ডাউদৰ একমাত্ৰ পুত্ৰ মইন নোৱাজ ডি কাচকৰে পাৰিয়ালক গুৰুত্ব প্ৰদান নকৰি, অবৈধ কাম কাজ, ব্যৱসায় ত্যাগ কৰি ধৰ্মৰ কামত লাগিছে। একমাত্র পুত্ৰই এইদৰে বিশাল সাম্ৰাজ্য এৰি যোৱাত গভীৰ হতাশাত ভুগিছে কুখ্যাত মাফিয়া ডন ডাউদ।
বিগত ছেপ্তেম্বৰত মুম্বাই আৰক্ষীৰ হাতত ধৰা পৰিছিল ডাউদৰ সৰু ভাতৃ ইকবাল ইব্রাহিম কাচকৰ। ইকাবলক সোধ-পোছ কৰাত এই তথ্য পোহৰলৈ আহে৷
বেআইনি কাম-কাজৰ কাৰণে সমগ্ৰ বিশ্বতে যি বদনাম লাভ কৰিছে । যাৰ বাবে বিশাল সম্পত্তি এৰি পুত্ৰই সকলো এৰি থৈ থৈ গৈছে।
পুত্ৰ নোৱাজ বিজনেছ মেনেজমেন্টৰ স্নাতক। প্ৰথম অৱস্থাত পাৰিবাৰিক ব্যৱসায়ত থাকিলেও লাহে লাহে আল্লাহৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে। বৰ্তমান সম্পুৰ্ণ কোৰাণ মুখস্ত কৰাত ব্যস্ত নোৱাজ।