ফখৰুল ইছলাম, দৰংঃ দৰঙৰ খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ এগৰাকী অচিনাকি মৃতদেহ৷ মৃতদেহটোৰ বয়স অনুমানিক ৪৫ পৰা ৫০ বছৰ হ’ব৷ খাৰুপেটীয়া টাউনৰ মাজমজিয়াৰ হস্পিতাল কলনিৰোডলৈ যোৱা পথৰ নিমতলী দলংখনৰ সমীপতে মাটিত পেলাই থোৱা বিদ্যুৎ খুটাৰ ওপৰত শুই থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে লোকজনে দিনৰ ১১/১২ টা মান বজাৰপৰা উক্ত স্থানত বহি আছিল৷ দুই এজন পথচাৰীক হিন্দী ভাষাৰে মাতিছিল কিন্তু লোকজনক কোনেও সহাঁৰি দিয়া নাছিল৷ হয়তো অসুস্থ লোকজনে সহায় বিচাৰিছিল পথচাৰীৰপৰা৷ পিছত আবেলি তিনি বজাৰ পিছত লোকজন সেই ঠাইত শুই থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷

উল্লেখ্য যে, প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে লোকজন হিন্দী ভাষী লোক হ’য়৷ আনহাতে, লোকজনৰ পৰিচয় উদ্ধাৰ নহ’লেও সোঁহাতখনত ইংৰাজী ভাষাত M. K. অংকিত কৰা আছে৷ পিছত মৃতদেহটো খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰাজ মোহন ডেকাই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে৷