ফখৰুল ইছলাম,দৰংঃ দৰঙৰ খাৰুপেটীয়া পৌৰ সভাৰ প্ৰতিষ্ঠাপক চেয়াৰমেন তথা খাৰুপেটীয়াৰ জ্যেষ্ঠ নাগৰিক ফতেহ চান্দ চেৰাওগিৰ শুকুৰবাৰে শেষ নিশা দেহাৱসান ঘটে৷

১৯৬১ চনত গঠিত খাৰুপেটীয়া নগৰ সমিতিৰ প্ৰথম গৰাকী চেয়াৰমেনৰ কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰায় তিনি বছৰ নিয়াৰিকৈ পালন কৰে। ফতেহ চান্দ চেৰাওগিয়ে পুনৰ  ১৯৮৪ চনত চেয়াৰমেন হিচাপে নিৰ্বাচিত হৈছিল৷ 

দুটা কাৰ্যকাল চেয়াৰমেন হিচাপে কাম কৰি নগৰবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইংৰাজী বিষয়ত বাকপটুতা থকা অমাায়িক স্বভাৱৰ প্ৰাক্তন চেয়াৰমেন ফতেহ চান্দ চেৰাওগিৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৫ বছৰ৷

পুৱা ১০ বজাত তেখেতৰ মৃতদেহ খাৰুপেটীয়া টাউনৰ মাজেৰে সমদল উলিয়াই পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত দহ মিনিট ৰাখি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বিধায়ক ইলিয়াচ আলী, পৌৰ সভাৰ উপ সভাপতি গনেশ ঘোষ আৰু ৱাৰ্ড কমিচনাৰ সকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। 

পিছত প্ৰাক্তন চেয়াৰমেন গৰাকীৰ মৃতদেহটোক খাৰুপেটীয়া স্মশানলৈ নি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰে৷ তেখেতৰ মৃত্যুত তেখেতৰ প্ৰতি শ্ৰদ্ধা সন্মান জনাই খাৰুপেটীয়া ব্যৱসায়ী সন্থাই খাৰুপেটীয়া পৌৰ সভাৰ সহযোগত খাৰুপেটীয়া টাউন আবেলি ২ বজালৈকে বন্ধ ৰাখে৷

তেখেতৰ মৃত্যুত খাৰুপেটীয়া প্ৰেছ ক্লাব, আমছু, সংখ্যালঘু জাতীয় পৰিষদ, ইত্তেহাদ ফ্ৰন্ট, মাৰোৱাৰী যুৱ মঞ্চ, দৰং জিলা পেঞ্চনাৰ্ছয়ে ফেমিলী পেঞ্চনাৰ্ছ সন্থা আদি সংগঠনসমূহে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ এক শোকৰ ছাঁ ই বিৰাজ কৰে নগৰখনত৷