ফখৰুল ইছলাম, দৰংঃ যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযানৰ কথা কৈ আহিছে ঠিক সেই সময়তেই দৰঙৰ বেছিমাৰীত দেখা গৈছে স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপ৷
বেছিমাৰী ডেইলি বজাৰলৈ যোৱাৰ একমাত্ৰ পথটোত আৰু দুয়ো কাষে দেখা গৈছে জাবৰৰ দম আৰু কদৰ্যময় পৰিৱেশ৷ যাৰ ফলত উক্ত ৰাস্তায়েদি সৰ্বসাধাৰণ ৰাইজে বজাৰ কৰিব যাবলগীয়া হোৱাত যমৰ যাতনাত ভুগি থকাৰ লগতে নাক কোচাই যাবলগীয়া হয়৷
আনকি এই লেতেৰা পৰিৱেশৰ বাবে বেমাৰ আজাৰোতো ভুগিছে কিছুমানে৷ এইক্ষেত্ৰত ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলামে মহলদাৰক জগৰীয়া কৰাৰ সমান্তৰালভাৱে দোকানী সকলক ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ আহব্বান জনাইছে৷
আমছুৰ দৰং জিলা সমিতিৰ প্ৰচাৰ সম্পাদক আশ্বাদুল্লাহ আল গালিফে কয় যে স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে বেছিমাৰীত কোনো ধৰনৰ প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই যাৰ বাবেই বেছিমাৰীত এই কদৰ্যময় পৰিৱেশ দেখা যায়৷
এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰপৰা স্বচ্ছ ভাৰত অভিযান আচলতে কি এই সম্পৰ্কে ৰাইজক সজাগ কৰিব লাগিব তেতিয়াহে বেছিমাৰীত স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱ পৰিব৷ বেছিমাৰীৰ ব্যৱসায়ী সকলৰ নিজৰ নিজৰ দোকানৰ সন্মুখত ডাষ্টবিন ব্যৱহাৰ কৰক আৰু যিখিনি পেলনীয়া সা সামগ্ৰী আছে সেইখিনি ডাষ্টবিনত পেলাওক৷ তেতিয়াহে পৰিৱেশ ভাল হ’ব বুলি সচেতন ৰাইজে উল্লেখ কৰে৷ এই ক্ষেত্ৰত চৰকাৰে অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সংগঠনটোৰ লগতে ৰাইজে দাবী জনায়৷