ফখৰুল ইছলাম, দৰংঃ দৰিদ্ৰতা আৰু ৰোগে পিষ্ট কৰিছে দৰঙৰ দলগাঁৱৰ এটি শিশুক। নাম ত্ৰিদিপ বৰুৱা। ঘৰ দলগাঁৱৰ নিজ ঝাকুৱাপাৰাত। পিতৃ গকুল বৰুৱা আৰু মাতৃ বিনা বৰুৱাৰ একমাত্ৰ সন্তান ত্ৰিদিপ।
উচ্চ ৰক্তচাপত সাত বছৰ আগতেই পিতৃৰ মৃত্যুৰ পাছত মাতৃ বিনা বৰুৱাই লোকৰ ঘৰত কাম-বন কৰি কোনোমতে পেট প্ৰৱৰ্তাই আছে। তিনি বছৰ আগতে হঠাৎ পুত্ৰ ত্ৰিদিপ অসুস্থ হৈ পৰে। খুজি-মাগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ দীৰ্ঘ দিন চিকিৎসা চলাই আছিল যদিও কোনো ধৰণৰ সুফল নোপোৱাত এতিয়া অসমত ত্ৰিদিপৰ চিকিৎসা নহ’ব বুলি ডক্টৰে অৱগত কৰাত চিন্তাত ভাগি পৰিছে মাতৃ তথা পৰিয়ালটো।
অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে শিশুটোৰ পেটৰ আকাৰ। বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি শিশুটিৰ পেটত অতিৰিক্ত ছাল থকাৰ কথা উল্লেখ কৰে চিকিৎসকে। বাঁওফালে তলপেটত কামি হাড়ৰ ওপৰত অতিৰিক্ত পদাৰ্থ জমা হোৱাৰ ফলত পেটৰ আকাৰ বৃদ্ধি পাইছে যদিও চিকিৎসকে অস্ত্ৰোপচাৰ কৰিবলৈ সাহস কৰা নাই।
শিশুটিক সুস্থ কৰিবলৈ বহিঃৰাজ্যত নি উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে। কিন্তু পৰিয়ালটোৰ হাতত নাই এটা ফুটা কড়িও । এনে অৱস্থাত পৰিয়ালটোৱে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰপৰা সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে। ইচ্ছ্যুক ব্যক্তিসকলে Bina Baruah
Account No- 34252524388, IFSC- SBI0007431 একাউন্ট নম্বৰত আৰ্থিক সাহায্য কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷