ডিজিটেল ৰিপ'ৰ্টঃ ৰাজ্যত আবকাৰী বিভাগৰ ৪০ কোটি টকাৰ ৰাজহৰ কেলেংকাৰী সন্দৰ্ভত নিলম্বিত আবকাৰী উপ-অধীক্ষক অমৰেন্দ্ৰ নাথক জেৰা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চোৰাচোৱা সংস্থাই। এই জেৰাত ২০১১-১২ বৰ্ষতে ব’ণ্ডেড ৱেৰ হাউছত সংঘটিত এই বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ন ন তথ্য উদঘাটন হোৱাৰ উমান পোৱা গৈছে।
দীৰ্ঘদিন আন্ধাৰত থকা এই কেলেংকাৰীৰ তথ্য ২০১৫ চনত আবকাৰী আয়ুক্ত হিচাপে নিযুক্ত ছমছেৰ সিঙৰ হাতত পৰাৰ পিছতে বিষয়টোৱে বিশেষ গতি লাভ কৰে। অজ্ঞাত ব্যক্তিৰ পৰা অহা মেছেজযোগে কেলেংকাৰীৰ সবিশেষ জানিব পাৰি ১৪ মে’ত আয়ুক্তজনে ৱেৰ হাউছটো ছীল কৰে।
আকৌ এজন সাংবাদিকৰ সূত্ৰৰ যোগেদি পোৱা তথ্যৰ আধাৰত বিষয়টোৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি আবকাৰী তদন্তকাৰী যুটীয়া আয়ুক্তক তদন্তৰ দায়িত্ব অৰ্পণ কৰে। ইয়াৰ পিছতে প্ৰাথমিক তথ্যৰ আধাৰত তদন্তৰ বাবে গঠিত এখন পেনেলে ১৯ ছেপ্তেম্বৰত পুনৰাই আবকাৰী আয়ুক্তজনৰ হাতত প্ৰতিবেদন দাখিল কৰে।
২১ ছেপ্তেম্বৰত সমস্ত তথ্যসম্বলিত প্ৰতিবেদন চৰকাৰক প্ৰদান কৰাৰ পিছতে ৱেৰ হাউছটোৰ দায়িত্বত থকা বিষয়াজনক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হয়। বিষয়টো ইয়াৰ পিছতে চিবিআই তদন্তৰ বাবে আয়ুক্তগৰাকীয়ে ১৩ নবেম্বৰত চোৰাংচোৱা সংস্থাটোৰ ওচৰত এক এজাহাৰ দাখিল কৰে। সোণোৱাল চৰকাৰৰ নেতৃত্বত কেলেংকাৰীৰ তদন্ত ক্ষিপ্ৰগতিত আগবাঢ়ে।
ইমানৰ পিছতো উক্ত কেলেংকাৰীত খোদ ছমছেৰ সিঙৰে নাম সাঙোৰ খাই পৰা বুলি কেতবোৰ সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ কথা জানিব পাৰি একপ্ৰকাৰ আশ্চৰ্য প্ৰকাশ কৰিছে উপায়ুক্তগৰাকীয়ে। কেলেংকাৰীটোত জড়িত থাকিলে নিজে আগভাগ লৈ তদন্ত কৰোৱাৰ অৱকাশ নাথাকিলেহেঁতেন বুলি কয় উপায়ুক্তগৰাকীয়ে।
উল্লেখ্য যে চিবিআইৰ তদন্ত সন্দৰ্ভত সাক্ষী হিচাপে পূৰ্বৰ আয়ুক্ত ছমছেৰ সিঙক মতা হৈছিল। দুষ্টচক্ৰই ষড়যন্ত্ৰ ৰচনা কৰি অভিযোগকাৰীকে কেলেংকাৰীত সাঙোৰ খুৱাই বিষয়টো অন্যদিশে ঢাল খুৱাব বিচাৰিছে বুলি মন্তব্য কৰি তেওঁ উচিত তদন্তৰ জৰিয়তে উক্ত কেলেংকাৰীৰ সৈতে জড়িত দোষীসকলক শাস্তি প্ৰদান কৰিবলৈকো দাবী জনায়।