newsnextone.com | ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিভৱনৰ কৰ্মচাৰী আৱাসৰ পৰা শুকুৰবাৰে এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ মৃতদেহটো ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

জানিব পৰা মতে, মৃত ব্যক্তিগৰাকীয়ে ৰাষ্ট্ৰপতিভৱনৰ সচিবালয়ত কাম কৰিছিল৷ ব্যক্তিগৰাকী কিছু দিন ধৰি অসুস্থ হৈ থকা বুলি জানিবলৈ দিয়ে তেওঁৰ সহকৰ্মী সকলে৷ আনহাতে বৃহস্পতিবাৰে ব্যক্তিগৰাকীৰ ঘৰৰ পৰা দুৰ্গোন্ধ বিয়ৰি পৰাত প্ৰতিৱেশীয়ে আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষী উপস্থিত হৈ ভিতৰৰ পৰা তলাবন্ধ ঘৰটোৰ পৰা ব্যক্তিগৰাকীৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰে৷

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৃত্যুৰ কাৰণ জানিবলৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ মৃতদেহ প্ৰত্যক্ষ কৰি দুই তিনিদিন পূৰ্বেই ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল বুলি অনুমান কৰা হৈছে৷ আনহাতে ঘটনা সন্দৰ্ভত সন্দেহজনক একো পোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷